• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শৰাইঘাটৰ দ্বিতীয় দলঙত প্ৰতিবাদ ক্ষুভিত বিশেষ আৰক্ষী জোৱানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 12:32 pm
01e44c0b-05f0-483c-be08-6fb8eb02eccf
238
VIEWS
Share on FacebookShare on Twitter

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি অহা অসমৰ বিশেষ আৰক্ষী জোৱান (SPO) সকলে আজি পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ’ল। আজি ৰাতিপুৱা ভাগত এই জোৱানসকলে শৰাইঘাটৰ দ্বিতীয়খন দলঙৰ ওপৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ কৰে।

দীৰ্ঘদিনে বঞ্চিত হৈ অহা এই জোৱানসকলে তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ বাবে বহু বাৰ আন্দোলনত নামিল যদিও বিগত চৰকাৰৰ লগতে বৰ্তমানৰ সৰ্বানন্দ চৰকাৰেও তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ বিপৰীতে আওকাণ কৰি অহা বুলিহে অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

শৰাইঘাট দলঙৰ ওপৰত প্ৰতিবাদত বহা জোৱানসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ উপৰি তেওঁলোকৰ সমস্যা সমূহ শীঘ্ৰে সমাধান নকৰিলে লুইতত সমূহীয়া জাপ দি আত্মজাহ দিয়াৰো ভাবুকি প্ৰদান কৰে।

ইফালে প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণত আনিবলৈ তথা ঘটনাস্থলীৰ পৰা আঁতৰাই পঠিওৱাৰ বাবে মোতায়েন কৰা  নিৰাপত্তা বাহিনীৰ সৈতে প্ৰতিবাদকাৰীসকল বাক বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হয়। তাৰোপৰি জোৱানসকলৰ উপস্থিতিতে বহুতো জোৱানে লুইতত জাঁপ দিয়াৰো অপচেষ্টা চলায়।

শৰাইঘাট দলঙৰ ওপৰত প্ৰায় ৩০০ৰ পৰা ৪০০ জোৱানে সাব্যস্ত কৰা প্ৰতিবাদত দলঙখনৰ দুয়ো মূৰে শ শ যান-বাহন আবদ্ধ হৈ পৰাৰ ফলত যাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ২০০৮ত নিযুক্তি প্ৰাপ্ত এই প্ৰতিবাদী জোৱানসকলে অসম ঔদ্যোগিক সুৰক্ষা বাহিনীত স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায়।

Recent News

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd