• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুযোগ ল’বলৈ তৎপৰ কংগ্ৰেছ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গণস্বাক্ষৰ অভিযান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2018 3:56 pm
Assam Cong chief Ripun Bora on upcoming by-polls

অসম প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুন বৰা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ফাইল ছবি।

112
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কখন যিকোনো প্ৰকাৰে বাতিল কৰাৰ দাবীত অসমৰ দল-সংগঠনে প্ৰতিবাদ কৰি থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰিব গণ স্বাক্ষৰ অভিযান।

আজি ৰাজীব ভবনত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই কথা সদৰি কৰে।

আজিৰ সংবাদ মেলত বৰাই জনোৱা অনুসৰি অহা ১৪ মে’ৰ পৰা ২৪ মে’ লৈকে ৰাজ্যৰ ৩৩ খন জিলাক সামৰি মুঠ ৮ টা মণ্ডলত ভাগ কৰি এই অভিযান আৰম্ভ কৰিব।

তেওঁ লগতে কয়, ‘’অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমূহীয়াকৈ এই বিধেয়কৰ বিৰোধিতা কৰিছো যদিও ভিতৰুৱা অঞ্চলৰ লোকসকলৰ মতামত আৰু স্বাক্ষৰ লৈ ব্লক কংগ্ৰেছ আৰু জিলা কংগ্ৰেছ কমিটিসমূহে একত্ৰিত হৈ যুটীয়া সংসদীয় কমিটিলৈ স্মাৰক পত্ৰ প্ৰদান কৰিম।‘’

আনহাতে, বিভিন্ন অঞ্চলৰ খণ্ড উন্নয়ন বিষয়া অথবা ৰাজহ চক্ৰ বিষয়া আৰু মহকুমাধিপতি বা জিলা উপায়ুক্তৰ জৰিয়তে এই স্মাৰক পত্ৰসমূহ যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা হ’ব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বুধবাৰৰ সংবাদ মেলত জনোৱা অনুসৰি উত্তৰ অসম, মধ্য অসম, কেন্দ্ৰীয় অসম , উজনি অসম, পাৰ্বত্য মণ্ডল, নামনি অসম, বি টি এ ডি মণ্ডল আৰু বৰাক উপত্যকা- এই আঠটা মণ্ডলত ভাগ কৰি তেওঁলোকে এই অভিযান আৰম্ভ কৰিব।

উল্লেখযোগ্য যে যোৱা ৭ মে’ৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ অথবা গণতান্ত্ৰিক দল-সংগঠনে এই শুনানিত অংশগ্ৰহণ কৰাৰ সুযোগ নোপোৱাৰ কথা বিবেচনা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই পদক্ষেপ হাতত লৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd