• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰামত্ত ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ হাৰাশাস্তিৰ বলি কৰ্তব্যৰত মহিলা চিকিৎসক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 19, 2024 9:17 pm
451
VIEWS
Share on FacebookShare on Twitter

কলিকতাকে কেন্দ্ৰ কৰি দেশৰ সকলো ঠাইতে চলি আছে ধৰ্ষণ বিৰোধী প্ৰতিবাদ। কলিকতাৰ আৰজি কৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। তাৰ মাজতো চলিয়েই আছে ইটোৰ পিছত সিটোকৈ ধৰ্ষণৰ ঘটনা।

এইবাৰ সুৰামত্ত ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ আক্ৰমণৰ বলি হ’ল চিকিৎসা বিজ্ঞানৰ ছাত্ৰী।

দেওবাৰে পুৱা প্ৰায় ৩:৩০ বজাত মুম্বাইৰ ছায়ন হাস্পতালত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে চিকিৎসালয়খনৰ হৈ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰ জি কৰ কাণ্ডৰ পিছত সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা কৰ্মক্ষেত্ৰত মহিলা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। ইফালে মুম্বাইত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক উত্তেজিত হৈ পৰিছে।

আক্ৰান্ত মহিলা চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা ৩:৩০ বজাত এজন ৰোগী চিকিৎসালয়লৈ আহিছিল। ৰোগীজনৰ মুখৰ এটা অংশত ঘাঁ হৈছিল, তেজ ওলাই আছিল। ৰোগী আৰু তেওঁৰ সংগীসকল সু্ৰামত্ত অৱস্থাত আছিল।

আৰক্ষীক দিয়া এজাহাৰত মহিলা চিকিৎসকগৰাকীয়ে কয় যে যেতিয়া তেওঁ ৰোগীৰ চিকিৎসা আৰম্ভ কৰিছিল তেতিয়া মদ্যপায়ী ৰোগীগৰাকী আৰু তেওঁৰ লগত থকা লোকসকলে তেওঁক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল আৰু প্ৰতিবাদ কৰিলে পিছত আক্ৰমণ কৰাৰ ভাবুকি দিছিল। আনকি তেওঁক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগো উত্থাপন হৈছে। গভীৰ নিশাৰ এই কাণ্ডৰ পিছত আতংকিত হৈ পৰিছিল চিকিৎসকগৰাকী।

এই ঘটনাৰ প্ৰতিবাদত চিকিৎসক সংগঠন BMC MARD য়ে দোষীৰ শাস্তি আৰু চিকিৎসকৰ নিৰাপত্তাৰ দাবীত থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ সন্ধান আৰম্ভ হৈছে।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd