ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিয়া শেহতীয়া এটা নিৰ্দেশক প্ৰত্যাহ্বান জনাই এনএইচপিচিয়ে পুনৰ ন্যায়াধীকৰণৰ দ্বাৰস্থ হৈছে। যোৱা ২০১৭ চনৰ ১৬ অক্টোবৰত সেউজ ন্যায়াধীকৰণৰ কলকাতা খণ্ড বিচাৰপীঠে দিয়া নিৰ্দেশটোক এনএইচ পিচিয়ে প্ৰত্যাহ্বান জনাইছে।
সেউজ ন্যায়াধীকৰণে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত থকা জটিলতাসমূহ স্থানীয় লোকৰ সৈতে আলোচনা কৰি নিস্পত্তি কৰিবলৈ এখন তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ দিছিল।
এনএইচপিচিয়ে নামনি সোৱণশিৰি প্ৰকল্প সম্পৰ্কত স্থানীয় লোকৰ সৈতে কোনোধৰণৰ আলোচনা কৰিবলৈ আগ্ৰহী নহয়।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কত চলি থকা গোচৰৰ শুনানি গ্ৰহণ কৰি সেউজ ন্যায়াধীকৰণৰ কলকাতাৰ খণ্ড বিচাৰপীঠে যোৱা ২০১৭ ৰ ১৬ অক্টোবৰত দিয়া বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশৰ ভিত্তিত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে সেই বছৰৰে ২৭ নৱেম্বৰত তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠন কৰে।
বন আৰু পৰিৱেশ মন্ত্ৰালয়ে গঠন কৰি দিয়া তিনিজনীয়া বিশেষজ্ঞ সমিতিৰ প্ৰথমখন বৈঠক যোৱা ২০১৭ ৰ ২১ ডিচেম্বৰত অনুষ্ঠিত হয়।
এনএইচপিচিয়ে এই সকলো নস্যাৎ কৰি সেউজ ন্যায়াধীকৰণে তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠনৰ বাবে দিয়া নিৰ্দেশটোক প্ৰত্যাহ্বান জনাই পুনৰ ন্যায়াধীকৰণৰ দ্বাৰস্থ হৈছে।
এনএইচপিচিৰ এই আবেদনখন যোৱা ১৯ জানুৱাৰীত বিচাৰৰ বাবে গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
এনএইচপিচিৰ মতে বৰ্তমান নতুন বিশেষজ্ঞ সমিতি গঠনৰ কোনো প্ৰয়োজনেই নাই। তেওঁলোকৰ মতে নামনি সোৱণশিৰি প্ৰকল্পৰ সকলোবোৰ দিশ এক্সপাৰ্ট এপ্ৰাইজেল কমিটি বা কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে চোৱাচিতা কৰিব।
এনএইচপিচিয়ে কৰা আবেদনখনত নতুন বিশেষজ্ঞ কমিটি গঠনৰ জৰিয়তে চলাব বিচৰা নতুন অধ্যয়নে প্ৰক্ৰিয়াটোত বিলম্বহে ঘটাব বুলি উল্লেখ কৰিছে।
আবেদনখনত তেওঁলোকে উল্লেখ কৰিছে যে ২০০২ চনৰ ডিচেম্বৰত ৬২৮৫.৩৩ কোটি টকা ব্যয় নিৰ্দ্ধাৰণ কৰা প্ৰকল্পটোৰ ব্যয় ২০১৭ চনৰ এপ্ৰিললৈ ১৮,০০০ কোটি টকাতকৈয়ো অধিক হৈছে।
এনে ব্যয়ৰ সমান্তৰালকৈ বিদ্যুতৰ প্ৰতি ইউনিটৰ উৎপাদন ব্যয়ো বৃদ্ধি পাইছে বুলি উল্লেখ কৰি এনএইচপিচিয়ে কৈছে যে নতুন অধ্যয়নৰ বাবে সময় ল’লে উৎপাদন ব্যয় অধিক বৃদ্ধি পাব।
এনে কৌশলপূৰ্ণ স্থিতি প্ৰদৰ্শন কৰি এনএইচপিচিয়ে সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ প্ৰতিহত কৰিব বিচাৰিছে যদিও সেউজ ন্যায়াধীকৰণে এই ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।