ৰাজ্যৰ ১৩ খন জিলাৰ ২০৮ টা এন আৰ চি সেৱা কেন্দ্ৰত এন আৰ চি উন্নীতকৰণ লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে ইয়াৰ এক তদন্তৰ দাবী কৰে আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এই সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰদান কৰে।
স্মাৰকপত্ৰখনত কোৱা হৈছে যে অসমৰ ১৩ খন জিলাৰ ২০৮ টা এন আৰ চি সেৱা কেন্দ্ৰ এলেকাত অতি কম সংখ্যক আবেদনৰহে সত্যাসত্য পৰীক্ষা কৰা হৈছে আৰু উক্ত অঞ্চলসমূহৰ কেৱল ১০ শতাংশ লোকহে এন আৰ চিৰ প্ৰথম খচৰাত অন্তৰ্ভুক্ত হৈছে।
কংগ্ৰেছে অভিযোগ কৰে যে সত্যাসত্য নিৰূপণ প্ৰক্ৰিয়া সঠিকভাৱে হোৱা হ’লে খচৰাৰ পৰা ৯০ শতাংশ লোকৰ নামেই বাদ পৰি নাথাকিলে হেঁতেন। কংগ্ৰেছে সঠিকভাৱে কাম আগনবঢ়াৰ অভিযোগ তোলা উক্ত এন আৰ চি সেৱা কেন্দ্ৰসমূহ থকা জিলা কেইখন হ’ল-দৰং, মৰিগাওঁ, নগাওঁ, গোৱালপাৰা, ধুবুৰী, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কোকৰাঝাৰ, বৰপেটা, মানকাছাৰ, নলবাৰী আৰু বঙাইগাওঁ।
স্মাৰকপত্ৰখনত কোৱা হৈছে যে উক্ত ১৩ খন জিলাত যিহেতু বুজন সংখ্যক ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকে বাস কৰে সেয়ে এই জিলা সমূহত আবেদনকাৰীৰ তথ্য সমূহৰ সত্যাসত্য নিৰূপণক সাৱধানতা অৱলম্বন কৰা দৰকাৰ। কিন্তু কংগ্ৰেছে আশ্চৰ্য প্ৰকাশ কৰে যে এন আৰ চি উন্নীতকৰণৰ নিয়মীয়া নিৰীক্ষণ চলি থকাৰ মাজতো এই অঞ্চলসমূহত এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত হোৱা অতি লেহেমীয়া অগ্ৰগতি কিয় অনুসন্ধান কৰা নহ’ল।
এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত কংগ্ৰেছ দলে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ নিশ্চিতি দি স্মাৰকপত্ৰখনত বাকী থকা ১.৩৯ কোটি গৰাকী আবেদনকাৰীৰ সম্পূৰ্ণ নিখুঁট সত্যাসত্য নিৰূপণ, প্ৰথম প্ৰকাশিত খচৰাত নাম ঠিকনাৰ ক্ষেত্ৰত হোৱা অসংখ্য ভুল শুধৰোৱা আৰু সম্পূৰ্ণ খচৰা আৰু চূড়ান্ত নাগৰিকপঞ্জী শীঘ্ৰে প্ৰকাশ কৰাৰ বাবেও তেওঁলোকে দাবী জনায়।
জ্যেষ্ঠ নেতা শৰৎ বৰকটকী, দ্বিজেন শৰ্মা আৰু বলীন কুলিয়ে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে।
প্ৰতীক হাজেলাৰ প্ৰতিক্ৰিয়া
এন আৰ চি সন্দৰ্ভত আজি কংগ্ৰেছ দলে দিয়া স্মাৰকপত্ৰ সন্দৰ্ভত ৰাজ্যিক সমন্বয়ক প্ৰতিক হাজেলাৰ প্ৰতিক্ৰিয়া জানিব খোজাত তেওঁ এন ই নাওক কয় যে, ‘প্ৰথম খচৰাত নাম ভুলকৈ অহা সকলে অনলাইনযোগে যাতে নিজৰ নাম শুধৰাব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে। পৰৱৰ্তী সময়ত প্ৰকাশ পাব লগা দ্বিতীয়খন খচৰা হ’ব চূড়ান্ত খচৰা। চূড়ান্ত খচৰাত নাম নথকা সকলে ন্যায়ালয়ত তেওঁলোকৰ আপত্তি দৰ্শাব পাৰিব।’