• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 2, 2025 1:30 pm
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিনৰ দুপৰতে এক চাঞ্চল্যকৰ ঘটনা। ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিধায়কগৰাকীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে। কেৱল সাৰেসুৰে পলায়ন কৰা নহয়, আৰক্ষীক দেখুৱাই গুলী ফুটাই ফুটাই পলাই যায়।

অভিযুক্ত বিধায়ক আৰু তেওঁৰ সহযোগীসকলক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে এক অভিযান। আৰক্ষীয়ে এখন স্ক’ৰপিঅ’ আৰু এখন ফৰ্চুনাৰ গাড়ীৰো সন্ধান চলাইছে।

Apply Now

পঞ্জাৱৰ ছানুৰৰ পৰা বিধায়ক হৰমীত পাথানমাজৰা। তেওঁ আম আদমী পাৰ্টিৰ নিৰ্বাচিত সদস্য। মঙলবাৰে পুৱা ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰে তেওঁক। স্থানীয় থানালৈ যোৱাৰ পথত হৰমীতৰ সহযোগীয়ে আৰক্ষীক দেখি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। হৰমীতে নিজেও আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে। এজন আৰক্ষীয়ে তেওঁক ৰখাবলৈ চেষ্টা কৰাত দুখন এছ ইউ ভি গাড়ীয়ে তেওঁক খুন্দিয়াই থৈ গুচি যায়।

ফৰ্চুনাৰ গাড়ীখনৰ গতিবিধি আৰক্ষীৰ ৰাডাৰত ধৰা পৰিছে যদিও বিধায়ক হৰমীতৰ কোনো সন্ধান পোৱা নাই। স্ক’ৰপিঅ’ গাড়ীখনৰ কোনো শুংসূত্ৰ নাই। জানিব পৰা মতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছে।

হৰমীতৰ বিৰুদ্ধে ধৰ্ষণ, প্ৰতাৰণা, অপৰাধমূলক ভাবুকি আদি ঘটনাৰ গোচৰ আছে। শেহতীয়াকৈ এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। তেওঁ জনায় যে হৰমীতে নিজকে বিবাহ বিচ্ছেদ হোৱা বুলি পৰিচয় দিছিল। দুয়োৰে মাজত এক সম্পৰ্ক গঢ় লৈ উঠে। বিধায়কগৰাকীয়ে তেওঁৰ পৰা যৌন সুবিধা ভোগ কৰে। তেওঁক ভাবুকি দি লেতেৰা মেছেজ পঠিয়াবলৈ ধৰে।

এফ আই আৰত উল্লেখ আছে যে ৪৫ বছৰীয়া মহিলাগৰাকীৰ বিবাহ বিচ্ছেদ হৈছে। এগৰাকী কন্যা বিদেশত থাকে। ২০১৩ চনত হৰমীতৰ সৈতে সম্পৰ্ক হয়। ২০২১ চনত লুধিয়ানাৰ এটা গুৰুদ্বাৰাত বিয়াও হৈছিল। কিন্তু ২০২২ চনত যেতিয়া গুৰমীতে ছানৌৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেতিয়া তেওঁ নিৰ্বাচনী শপতনামাত প্ৰথম পত্নীৰ নাম লিখিছিল। ইয়াৰ ফলত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হয়। মহিলাগৰাকীয়ে হৰমীতক বিবাহ বিচ্ছেদ কৰিবলৈ হেঁচা দিবলৈ ধৰে।

বহুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰিছে হৰমীতে। পঞ্জাৱৰ বানপানী চম্ভালাক লৈ ৰাজ্যখনৰ নিজৰ চৰকাৰখনকে সমালোচনা কৰে। এফআইআৰ দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানকো তীব্ৰ আক্ৰমণ কৰে।

AAP MLA Harmeet Singh Pathanmajra booked in rape case ran away from police custody and also injured one police official while he was brought to police station.@PTI_News @AAPPunjab pic.twitter.com/dC63oqtPmi

— Neha Salaria Sharma (@SalariaNeha) September 2, 2025

ফেচবুক লাইভত তেওঁ দাবী কৰে যে দিল্লীৰ আপ নেতৃত্বই পঞ্জাৱত অবৈধভাৱে চৰকাৰ চলাই আছে। হৰমীতে দাবী কৰে যে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে। যিমানেই এফ আই আৰ দাখিল নহওক কিয়, তেওঁ মনে মনে নাথাকে।

দলটোক সমালোচনা কৰাৰ বাবে তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা বুলি দাবী কৰে হৰমীতে। তেওঁক এনেকৈ ভয় খুৱাব নোৱাৰে বুলিও জনাই দিয়ে। আৰু তাৰ পিছতে ঘটিছে এই ঘটনা।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd