অৰুণাচল প্ৰদেশৰ ইটানগৰৰ ন্যোকুম লাপাং খেলপথাৰত অহা ২ৰ পৰা ৪ মাৰ্চলৈ লোছাৰ ৰূপালী জয়ন্তী মহোৎসৱ আয়োজন কৰা হ’ব।
মহোৎসৱটোত ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া দেশ ভূটানৰ পৰা অহা বৌধ ধৰ্মাৱলম্বী লোক সকলৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ’ব।
তিনিদিনীয়া মহোৎসৱটোত অংশগ্ৰহণ কৰিবলৈ সকলো লোককে আদৰণি জনাই লোছাৰ মহোৎসৱ উদযাপন ২০১৮ৰ মুৰবী তথা ইটানগৰ বুদ্ধিষ্ট কালচাৰেল ছচাইটিৰ সভাপতি ছোনাম টেনজিঙে কয় যে মহোৎসৱটোৰ সৈতে সংগতি ৰাখি বৌধ লোকসকলৰ বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰ, সাংস্কৃতিক অনুষ্ঠান তথা খেল-ধেমালিৰ আয়োজন কৰা হ’ব।
লোছাৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনক ব্যৱসায়ীকৰণ কৰা নহয় বুলি মন্তব্য কৰি টেনজিঙে কয় যে মহোৎসৱস্থলিত বিক্ৰী কৰা খাদ্যৰ দাম যাতে অত্যাধিক নহয় তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিব।
ইয়াৰ উপৰি যিকোনো লোকে আহি বিনামূল্যে আহাৰগ্ৰহণ কৰিব পৰাকৈ মহোৎসৱটোত এক সামূহিক ভোজৰ আয়োজন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।