• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ মাৰ্চত অসমৰ লগতে কলকাতাৰ চিত্ৰগৃহতো মুক্তি পাব ‘আলিফা’

আচিফ ইব্ৰাহিম by আচিফ ইব্ৰাহিম
March 1, 2018 4:39 pm
ALIFA-final-1-poster-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চলচ্চিত্ৰ প্ৰেমীৰ বাবে সুখবৰ। এই মাহতে চিত্ৰগৃহলৈ আহিবলৈ সাজু হৈছে আন এখন ছবি।

প্ৰথমবাৰৰ বাবে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা দীপ চৌধুৰীৰ ‘আলিফা’ অহা ৩০ মাৰ্চত ৰূপালী পৰ্দাত মুক্তিৰ বাবে সাজু হৈ উঠিছে।

উল্লেখযোগ্য যে একেদিনাখনেই অসম আৰু পশ্চিমবংগত একেলগে মুক্তি পাবলগীয়া ‘আলিফা’ হৈছে প্ৰথমখন ছবি।

ছবিখনে অসম আৰু পশ্চিমবংগৰ চলচ্চিত্ৰ মহলত ইতিমধ্যে চৰ্চা লাভ কৰিছে।

ছবিখনৰ চিত্ৰনাট্যও ৰচনা কৰা দীপ চৌধুৰীয়ে যোৱা বছৰ ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠা নৱাগত পৰিচালকৰ স্বৰ্ণকমল লাভ কৰিছিল।

নৰ্থ ইষ্ট নাওৰ সৈতে আছুতীয়া বাৰ্তালাপত দীপ চৌধুৰীয়ে দৃঢ়তাৰে ব্যক্ত কৰে যে ছবিখনৰ বাণিজ্যিক মুক্তিৰ পিছত চলচ্চিত্ৰ প্ৰেমী সকলে ছবিখন আকোঁৱালি ল’ব।

‘’মই নিশ্চিত চলচ্চিত্ৰ প্ৰেমীয়ে ছবিখন উপভোগ কৰিব আৰু ভাল পাব। তেওঁলোকে অসন্তুষ্ট হৈ ঘৰলৈ উভিতব লগা নহয়,’’- আপাতত: উৎসাহ আৰু প্ৰত্যয়েৰে দীপ চৌধুৰীয়ে ব্যক্ত কৰে।

‘আলিফা’ত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ সৈতে প্ৰেম, ঘৃণা, স্বপ্ন আৰু আকাঙ্খা আৰু সেইদৰে মানৱ প্ৰকৃতিৰ দুৰ্বলতা আৰু উদাৰ সামাজিক বান্ধোনৰ প্ৰতিফলন ঘটিছে।

Deep-Choudhury-300x240

উল্লেখ্য যে ছবিখন যোৱা বছৰ কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘ইনোভেশ্বন ইন ম’ভিং ইমেজেছ’ শাখাত প্ৰতিযোগিতাৰ বাবে ভাৰতৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ ছবি আছিল।

‘আলিফা’ই কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উচ্চ প্ৰশংসিত হৈছে।

ছবিখনে কানাডাত অনুষ্ঠিত অটোৱা ভাৰতীয় আন্তনৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছিল। এয়া এক ডাঙৰ সাফল্য বুলি ক’ব পাৰি কিয়নো ইয়াত ‘লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা’ৰ দৰে ছবিয়েও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

ছবিখন আৰমান প্ৰডাকশ্যনৰ অধীনত আৰমান আহমেদে প্ৰযোজনা কৰিছে।

ছবিখনত অভিনয় কৰা শিল্পীসকলৰ মাজত কেইগৰাকীমান অতি পৰিচিত মুখ হ’ল বাহাৰুল ইছলাম, জয়া শীল ঘোষ. প্ৰসূন জৈন, সত্য ৰঞ্জন চাহু আৰু ভিক্টৰ বেনাৰ্জীয়ে কেইটিমান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

মুখ্য চৰিত্ৰটিত অভিনয় কৰিছে অত্যন্ত প্ৰতিভাৱান শিল্পী পাকিজা হাছমীয়ে।

ছবিখনৰ আবহ সংগীত বিক্ৰম ঘোষৰ আৰু ছবিখন সম্পাদনা কৰিছে কলকাতাৰ ৰবিৰঞ্জন মিত্ৰই। মিত্ৰই আগতে ‘মি: এণ্ড মিচেছ আয়াৰ’, ‘একলৱ্য’ৰ দৰে ছবি সম্পাদনা কৰিছিল।

 

আচিফ ইব্ৰাহিম

আচিফ ইব্ৰাহিম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

September 9, 2025 7:30 pm
হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

September 9, 2025 7:02 pm
এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

September 9, 2025 6:30 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 9, 2025 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

September 9, 2025 7:30 pm
হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

September 9, 2025 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd