দীৰ্ঘদিনীয়া দাবীবোৰ অতি শীঘ্ৰে পূৰণ কৰাৰ বাবে চৰকাৰক হেঁচা দিবলৈ এন এফ ৰেইলৱেই মজদুৰ য়ুনিয়নে অহা ৮ মে’ৰ পৰা দেশজোৰা ৭২ ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে।
এই কথা এক সংবাদমেল যোগে সদৰী কৰিছে অল ইণ্ডিয়া ৰে’লৱেই মেনছ ফেডাৰেইশ্যনৰ সভাপতি আৰু এন এফ ৰে’ল মজদুৰ য়ুনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তাই।
৩ এপ্ৰিলত তিনিচুকীয়া ৰে’ল মজদুৰ য়ুনিয়নৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শ্ৰমিক নেতাজনে কয় যে য’ত জনসাধাৰণৰ উন্নয়ন নহয় তাত দেশৰ উন্নতি কেনেকৈ অসম্ভৱ।
লগতে তেওঁ দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক নীতিবোৰৰো সমালোচনা কৰে। ‘দেশৰ বৰ্তমানৰ অৰ্থনৈতিক নীতিৰ পৰা খাটিখোৱা শ্ৰেণীৰ লোকৰ উন্নয়নৰ হওক চাৰি পুঁজিপতিৰহে উন্নয়নৰ বাট মুকলি হৈছে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নতুন অৰ্থনৈতিক নীতিয়ে সৰ্বসাধাৰণক সকাহ দিয়াৰ পৰিৱৰ্তে মুষ্টিমেয় একাংশ ব্যক্তিকহে ধনী হোৱাত সহায় কৰিছে’- এইদৰে কয় নেতাজনে।
তেওঁ লগতে কয় যে শ্ৰমিকসকলেই হওক অথবা সৰ্বসাধাৰণ লোকেই হওক প্ৰয়োজনত বেংকলৈ ঋণ বিচাৰি গ’লে প্ৰায়ে বিমুখ হ’ব লগীয়া হয়। অথচ বেংকৰ হাজাৰ হাজাৰ কোটি টকা সৰকাই বিজয় মালিয়া, নীৰৱ মোদী, ললিত মোদীয়ে নিৰ্বিঘ্নে দেশ এৰি যাবলৈ সুবিধা পাইছে। এনে হোৱাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। কিন্তু ইয়াৰ বিপৰীতে বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি দেশৰ বহু কৃষকে আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হৈছে।
ৰে’ল শ্ৰমিক নেতাগৰাকীয়ে চৰকাৰক নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ দাবী জনোৱাৰ লগতে ৰে’ল বিভাগত ঠিকাভিত্তিক শ্ৰমিক ব্যৱস্থাৰ পৰিৱৰ্তে স্থায়ী শ্ৰমিক নিযুক্তিৰ দাবী তোলে।
আনহাতে, এই অনশন কাৰ্য্যসূচীৰ পিছতো যদি চৰকাৰে তেওঁলোকৰ দাবীবোৰ মানি নলয়, তেন্তে পৰৱৰ্তী পৰ্যায়ত অধিক তীব্ৰ আন্দোলন কৰিব বুলি জনায় শ্ৰমিক নেতাজনে। সংবাদমেলখনত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সুশেন হাজৰিকা, উপ-সভাপতি সঞ্জীৱ ভট্টাচাৰ্য, প্ৰচাৰ সম্পাদক পুলক গগৈ, সাংগঠনিক সম্পাদক কমল দত্ত, নৰেশ্বৰ বৰ্মণ, কমলেশ্বৰ শৰ্মা উপস্থিত আছিল।