কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা সোমবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখিয়ে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মক কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰিয় বঁটা-২০১৭ প্ৰদান কৰাৰ লগতে বিশিষ্ট পৰ্বত আৰোহণকাৰী অংশু জামচেপনা আৰু তৰুণ লেখিকা শৰ্মিষ্ঠা প্ৰীতমক কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় ফেল’শ্বিপ প্ৰদান কৰে। ইয়াৰ উপৰি উক্ত অনুষ্ঠানতে তেওঁ বিশ্ববিদ্যালয়খনৰ এ পি জে আব্দুল কালাম ছাত্ৰ কল্যাণ মিছনৰ অধীনত ‘UPSC’ ৰ মূল পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া চাৰি গৰাকী মহিলা প্ৰাৰ্থীক স্ক’লাৰশ্বিপ প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ সামাজিক দায়বদ্ধতাৰ অংশ স্বৰূপে আয়োজন কৰি অহা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় ফেল’শ্বিপে বিশ্ববিদ্যালয় গোষ্ঠীৰ সমাজ আৰু জীৱনৰ দৃষ্টি প্ৰসাৰ কৰাত উল্লেখযোগ্য অৱদান যোগোৱা লোকসকললৈ শ্ৰদ্ধা জনোৱাৰ ইচ্ছাক প্ৰতিপন্ন কৰে। উল্লেখযোগ্য যে মুখিয়ে সত্য আৰু গণতান্ত্ৰিক মূল্যবোধৰ অগ্ৰদূত ৰূপে চিন্তাৰ স্বাধীনতা আৰু মানৱ মনৰ জিজ্ঞাসাক অনুপ্ৰাণিত কৰাত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে লোৱা ভুমিকাক ভূয়সী প্ৰশংসা কৰে। ৰাজ্যপাল গৰাকীয়ে আৰু কয় যে বিশ্ববিদ্যালখনে ইয়াৰ ভিন্ন শিকাৰুক উদ্দেশ্যি থকা আৰু বিভিন্ন বিদ্যায়তনিক কাৰ্যসূচীৰ জৰিয়তে সাধাৰণ মানুহে অনুভৱ কৰা সামাজিক বিষয় সমূহৰ গভীৰতালৈ যাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি তেওঁ বিভিন্ন জেইলৰ ১৩টা শিক্ষা কেন্দ্ৰত বিশ্ববিদ্যালখনে জেইলৰ কয়দীসকলক আগবঢ়াই অহা বিনামূলীয়া শিক্ষা প্ৰদানৰ কাৰ্যসূচীকো প্ৰশংসা কৰে।
বঁটা গ্ৰহণ কৰি প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মই কয় যে মানৱ সম্পদেই হৈছে ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ সম্পদ। ‘যদিহে ৰাজ্যখনত প্ৰয়োজনীয় সংখ্যক শিক্ষিত আৰু জ্ঞানী লোকৰ অভাৱ হয় তেন্তে ৰাজ্যখন কেতিয়াও সমৃদ্ধিশালী হৈ উঠিব নোৱাৰিব। পিছ পৰি থকা, দৰিদ্ৰতা, স্বাস্থ্যহীনতা, ক্ষুধা আদি সকলোবোৰ সমস্যাই শিক্ষাৰ নিম্নমানৰ সৈতে জড়িত, সেয়ে শিক্ষিতৰ হাৰ যাতে বৃদ্ধি পায় তাক নিশ্চিত কৰাটো যিকোনো ৰাজ্যৰে মূল প্ৰচেষ্টা হোৱা উচিত।’