চৰকাৰৰ গোপনীয়তা আইন ভংগ কৰাৰ দোষত অভিযুক্ত দুই ৰয়টাৰৰ সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ খাৰিজ কৰিবলৈ অমান্তি হৈছে ম্যানমাৰৰ এগৰাকী বিচাৰক।
এই গোচৰে ম্যানমাৰত সংবাদ মাধ্যমৰ স্বাধীনতাৰ পুতৌলগা স্বৰূপটোৱে আন্তঃজাতিক মনোযোগ আকৰ্ষণ কৰাটো পৰিলক্ষিত হৈছে।
সংবাদ মাধ্যমৰ প্ৰতিৱেদনত প্ৰকাশিত হোৱা তথ্য অনুসৰি কিয়াও ছো উ আৰু ৱা লোন নামৰ ৰয়টাৰৰ সাংবাদিক দুজনক হাতকেৰেয়াসহ ইনছেইন আদালত-কক্ষত হাজিৰ কৰোৱা হয়। আদালত কক্ষত তেওঁলোকে পৰিয়ালৰ সদস্যসকলক ক্ষন্তেক সময়ৰ বাবে আকোঁৱালি ধৰে আৰু আদালত কক্ষত ৰৈ থকা সাংবাদিক, কূটনীতিবিদ আৰু আইনজ্ঞসকলক সম্ভাষণ জনায়।
শুনানি জাৰী কৰাৰ ঠিক পিছতেই ৰয়টাৰৰ সভাপতি তথা মুখ্য সম্পাদক ষ্টিফেন জে এডলালৰে কয়, ‘সাংবাদিক দুগৰাকীয়ে সংবাদ সংগ্ৰহৰ সময়চোৱাত কোনো
আইন ভংগ কৰা নাছিল।……তেওঁলোকক মুক্ত কৰাৰ বাবে আমি পৰা সকলোখিনি কৰিম।‘
প্ৰতিবাদী পক্ষই দাবী কৰিছে যে আদালতৰ বিগত চাৰি মাহৰ কামৰ সময়চোৱাত যে বাদী পক্ষৰ ১৭জন সাক্ষীয়ে কোনো গুৰুত্বপূৰ্ণ সাক্ষ্য যোগাব পৰা নাই। বাদী পক্ষই কৈছে যে তেওঁলোকে এপ্ৰিলৰ ২০ তাৰিখৰ পৰৱৰ্তী শুনানীৰ সময়ত আঠগৰাকী অতিৰিক্ত সাক্ষী হাজিৰ কৰাবলৈ প্ৰস্তুত আছে।
উল্লেখযোগ্য যে সাংবাদিক দুগৰাকীয়ে সংবাদ সংস্থা ৰয়টাৰৰ হৈ পশ্চিম ম্যানমাৰৰ ৰাখিনি ৰাজ্যৰ য়িন দিন গাওঁত এটি সামৰিক অভিযানৰ সময়ত ১০জন ৰহিঙীয়া মুছলমান লোকক হত্যা কৰা ঘটনা এটাৰ তদন্ত কৰি আছিল। এই সামৰিক অভিযানৰ ফলতেই প্ৰায় ৭০০,০০০ ৰহিঙীয়া চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ পলায়ন কৰিছিল। এই ঘটনাৰ তথ্য উদ্ঘাটন কৰাৰ অপৰাধতেই সাংবাদিক দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।
সামৰিক বাহিনীৰ এগৰাকী মুকতকণ্ঠীসমালোচক প্ৰতিবাদী পক্ষৰ অধিবক্তা উ খিন মাউং জাওৱৱে কয় যে মত প্ৰকাশৰ স্বাধীনতা আৰু তথ্য জনাৰ অধিকাৰ আৰু মানৱাধিকাৰ কৰ্মীসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ গোচৰ।
বিচাৰক য়ি ল্ৱিনৰ ৰায়দানৰ পাছত দুয়োগৰাকী সাংবাদিকৰ পত্নী কান্দোনত ভাঙি পৰে আৰু তেওঁলোকক সাংবাদিকৰ এটা দলে আদালত কক্ষৰ পাছফালে থকা ধুলিময় মুকলি চাহৰ দোকানলৈ অনুসৰণ কৰে।
সামৰিক বাহিনীৰ পৰা প্ৰকাশিত এটা বিজ্ঞপ্তিত ৰাখিনি নৰহত্যা কাণ্ডত জড়িত ৭জন সৈনিকক ১০ বছৰৰ কাৰাদণ্ড বিহাৰ বাতৰি প্ৰকাশ হোৱাৰ পাচত বুধবাৰে এই ঘোষণা কৰা হয়।
যেতিয়া প্ৰতিবাদীসকলক আৰক্ষীৰ ট্ৰাকত উঠাই ইনছেইনৰ কাৰাগাৰলৈ লৈ যোৱা হৈছিল তেওঁলোকে এই কথালৈ মনোযোগ আকৰ্ষণ কৰে যে যদিহে চৰকাৰী গোপনীয়তা আইন ভংগ কৰাৰ অপৰাধত তেওঁলোকৰ ১৪ বছৰ কাৰাবাসৰ শাস্তি হ’ব, যিটো সেনাই নৰহত্যা কৰা অপৰাধৰ শাস্তিৰ তুলনাত অধিক।
আদালত কক্ষ ত্যাগ কৰাৰ আগে আগে ৱা লোনে চিঞৰি উঠিছিল, ‘বিচাৰ ক’ত, গণতন্ত্ৰ ক’ত আৰু মত প্ৰকাশৰ স্বাধীনতা ক’ত?’
যি সময়ত বহু লোকে আশা কৰিছে যে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি উ য়িন মিণ্টে তেওঁৰ আৰম্ভণি ভাষণত সংবাদ মাধ্যমৰ স্বাধীনতা সমস্যাটো সমাধান কৰিব। সাম্প্ৰতিক সমস্যাৰ মুখামুখি হোৱা এই গোচৰটো এ: এল ডি নেতৃত্বধীন চৰকাৰখনে এতিয়াও তুলি ধৰিব পৰা নাই।