• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

ৰয়টাৰৰ দুই সাংবাদিকৰ বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ ম্যানমাৰৰ বিচাৰকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2018 8:59 pm
Reuters-journalists-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ গোপনীয়তা আইন ভংগ কৰাৰ দোষত অভিযুক্ত দুই ৰয়টাৰৰ সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ খাৰিজ কৰিবলৈ অমান্তি হৈছে ম্যানমাৰৰ এগৰাকী বিচাৰক।

এই গোচৰে ম্যানমাৰত সংবাদ মাধ্যমৰ স্বাধীনতাৰ পুতৌলগা স্বৰূপটোৱে আন্তঃজাতিক মনোযোগ আকৰ্ষণ কৰাটো পৰিলক্ষিত হৈছে।

Apply Now

সংবাদ মাধ্যমৰ প্ৰতিৱেদনত প্ৰকাশিত হোৱা তথ্য অনুসৰি কিয়াও ছো উ আৰু ৱা লোন নামৰ ৰয়টাৰৰ সাংবাদিক দুজনক হাতকেৰেয়াসহ ইনছেইন আদালত-কক্ষত হাজিৰ কৰোৱা হয়। আদালত কক্ষত তেওঁলোকে পৰিয়ালৰ সদস্যসকলক ক্ষন্তেক সময়ৰ বাবে আকোঁৱালি ধৰে আৰু আদালত কক্ষত ৰৈ থকা সাংবাদিক, কূটনীতিবিদ আৰু আইনজ্ঞসকলক সম্ভাষণ জনায়।

শুনানি জাৰী কৰাৰ ঠিক পিছতেই ৰয়টাৰৰ সভাপতি তথা মুখ্য সম্পাদক ষ্টিফেন জে এডলালৰে কয়, ‘সাংবাদিক দুগৰাকীয়ে সংবাদ সংগ্ৰহৰ সময়চোৱাত কোনো
আইন ভংগ কৰা নাছিল।……তেওঁলোকক মুক্ত কৰাৰ বাবে আমি পৰা সকলোখিনি কৰিম।‘

প্ৰতিবাদী পক্ষই দাবী কৰিছে যে আদালতৰ বিগত চাৰি মাহৰ কামৰ সময়চোৱাত যে বাদী পক্ষৰ ১৭জন সাক্ষীয়ে কোনো গুৰুত্বপূৰ্ণ সাক্ষ্য যোগাব পৰা নাই। বাদী পক্ষই  কৈছে যে তেওঁলোকে  এপ্ৰিলৰ ২০ তাৰিখৰ পৰৱৰ্তী শুনানীৰ সময়ত আঠগৰাকী অতিৰিক্ত সাক্ষী হাজিৰ কৰাবলৈ প্ৰস্তুত আছে।

উল্লেখযোগ্য যে সাংবাদিক দুগৰাকীয়ে সংবাদ সংস্থা ৰয়টাৰৰ হৈ পশ্চিম ম্যানমাৰৰ ৰাখিনি ৰাজ্যৰ য়িন দিন গাওঁত এটি সামৰিক অভিযানৰ সময়ত ১০জন ৰহিঙীয়া মুছলমান লোকক হত্যা কৰা ঘটনা এটাৰ তদন্ত কৰি আছিল। এই সামৰিক অভিযানৰ ফলতেই প্ৰায় ৭০০,০০০ ৰহিঙীয়া চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ পলায়ন কৰিছিল। এই ঘটনাৰ তথ্য উদ্ঘাটন কৰাৰ অপৰাধতেই সাংবাদিক দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

সামৰিক বাহিনীৰ এগৰাকী মুকতকণ্ঠীসমালোচক  প্ৰতিবাদী পক্ষৰ অধিবক্তা উ খিন মাউং জাওৱৱে কয় যে মত প্ৰকাশৰ স্বাধীনতা আৰু তথ্য জনাৰ অধিকাৰ আৰু মানৱাধিকাৰ কৰ্মীসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ গোচৰ।

বিচাৰক য়ি ল্‌ৱিনৰ ৰায়দানৰ পাছত দুয়োগৰাকী সাংবাদিকৰ পত্নী কান্দোনত ভাঙি পৰে আৰু তেওঁলোকক সাংবাদিকৰ এটা দলে আদালত কক্ষৰ পাছফালে থকা ধুলিময় মুকলি চাহৰ দোকানলৈ অনুসৰণ কৰে।

সামৰিক বাহিনীৰ পৰা প্ৰকাশিত এটা বিজ্ঞপ্তিত ৰাখিনি নৰহত্যা কাণ্ডত জড়িত ৭জন সৈনিকক ১০ বছৰৰ কাৰাদণ্ড বিহাৰ বাতৰি প্ৰকাশ হোৱাৰ পাচত বুধবাৰে এই ঘোষণা কৰা হয়।

যেতিয়া প্ৰতিবাদীসকলক আৰক্ষীৰ ট্ৰাকত উঠাই ইনছেইনৰ কাৰাগাৰলৈ লৈ যোৱা হৈছিল তেওঁলোকে এই কথালৈ মনোযোগ আকৰ্ষণ কৰে যে যদিহে চৰকাৰী গোপনীয়তা আইন ভংগ কৰাৰ অপৰাধত তেওঁলোকৰ ১৪ বছৰ কাৰাবাসৰ শাস্তি হ’ব, যিটো সেনাই নৰহত্যা কৰা অপৰাধৰ শাস্তিৰ তুলনাত অধিক।

আদালত কক্ষ ত্যাগ কৰাৰ আগে আগে ৱা লোনে চিঞৰি উঠিছিল, ‘বিচাৰ ক’ত, গণতন্ত্ৰ ক’ত আৰু মত প্ৰকাশৰ স্বাধীনতা ক’ত?’

যি সময়ত বহু লোকে আশা কৰিছে যে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি উ য়িন মিণ্টে তেওঁৰ আৰম্ভণি ভাষণত সংবাদ মাধ্যমৰ স্বাধীনতা সমস্যাটো সমাধান কৰিব। সাম্প্ৰতিক সমস্যাৰ মুখামুখি হোৱা এই গোচৰটো এ: এল ডি নেতৃত্বধীন চৰকাৰখনে এতিয়াও তুলি ধৰিব পৰা নাই।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd