থাইলেণ্ডৰ দক্ষিণ ৰিজ’ৰ্ট দ্বীপ ফুকেটত সোমবাৰে বাহন ভাড়া দিয়া ব্যৱসায় আৰু বিক্ৰীৰ কাৰ্যালয় থকা এটা বাণিজ্যিক দোকানঘৰত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও ১১ জন লোকৰ মৃত্যু ঘটা বুলি একাধিক বাতৰিত প্ৰকাশ পাইছে।
স্থানীয় বাতৰি অনুসৰি, পুৱা প্ৰায় ৩:১৭ বজাত (স্থানীয় সময়) পাটঙৰ ফাং মুয়াং চাই কোৰ ৰোডৰ অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত কমেও ৩৬ জন লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ফুকেটৰ পশ্চিম উপকূলৰ জনপ্ৰিয় পাটং বিলৰ ওচৰতে এখন চহৰত অৱস্থিত এই অট্টালিকাটো।
আৰক্ষীয়ে জনোৱা মতে, বাহন ভাড়া দিয়া ব্যৱসায়িক এটা অট্টালিকাত এই অগ্নিকাণ্ড আৰম্ভ হৈছিল আৰু পিছত ওচৰৰ কেইবাটাও অট্টালিকালৈ জুই বিয়পি পৰিছিল। থাইলেণ্ড কৰ্তৃপক্ষই জনোৱা মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ প্ৰায় দুঘণ্টা সময় লয় আৰু ১১ জন লোকক মৃত অৱস্থাত পোৱা যায়।
পাটং পৌৰসভাৰ উপ-মেয়ৰ ছানাকৰ্ণ কিচিনে নেচন থাইলেণ্ডক জনোৱা মতে, অট্টালিকাটোৰ তলৰ মহলাত কমেও ১০০খন মটৰ চাইকেল ৰখাই থোৱা আছিল, আৰু বাহনসমূহত থকা ইন্ধন, ৰবৰৰ টায়াৰ আৰু প্লাষ্টিকৰ উপাদানসমূহে জুই দ্ৰুত বিয়পি পৰাত অৰিহণা যোগাইছিল।
অট্টালিকাটোত থকা কেইবাজনো লোকে জুইৰ পৰা হাত সাৰিবলৈ ওপৰ মহলালৈ পলাবলৈ চেষ্টা কৰে যদিও ঘন ধোঁৱাৰ বাবে অট্টালিকাটোৰ পৰা ওলোৱাটো কঠিন হৈ পৰিছিল। জ্বলনীয় সামগ্ৰী আৰু বৃহৎ পৰিমাণৰ ধোঁৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিছিল। অৱশ্যে জৰুৰীকালীন কৰ্মীসকলে অট্টালিকাটোত প্ৰৱেশ কৰি জীৱিতসকলক নিৰাপদ স্থানলৈ লৈ যাবলৈ সক্ষম হয়।
প্ৰাথমিক মূল্যায়ন অনুসৰি অগ্নিকাণ্ডত পাঁচটা বাণিজ্যিক ইউনিটৰ ক্ষতিসাধন হোৱাৰ লগতে ওচৰতে ৰখাই থোৱা কেইবাখনো মটৰ চাইকেল ক্ষতিগ্ৰস্ত হৈছে। অধিকাংশ লোকৰ ধোঁৱাত শ্বাসৰুদ্ধ হোৱাৰ ফলত মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে।
বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ সন্দেহ কৰা হৈছে যদিও কৰ্তৃপক্ষই অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত আছে। বেংকক পোষ্টৰ মতে, ফুকেটৰ গৱৰ্ণৰ চোটেনাৰিন কেৰ্ডছমে জনায় যে প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে ধুমুহাৰ সময়ত দোকানৰ সন্মুখৰ এটা চাবষ্টেচনৰ বিদ্যুতৰ খুঁটাত সম্ভৱতঃ শ্বৰ্ট চাৰ্কিট সংঘটিত হৈছিল।
থাইলেণ্ডত পূৰ্বেও একেধৰণৰ ট্ৰেজেডী দেখা গৈছে, যাৰ ফলত ইয়াৰ সুৰক্ষা নিয়মক লৈ প্ৰশ্ন উত্থাপন হৈছে। জুলাই মাহত বেংককৰ এখন ব্যস্ত বাৰত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত প্ৰায় ৪০ জন লোকৰ মৃত্যু হৈছিল বুলি কৰ্তৃপক্ষই জনাইছিল।
11 people have died and 36 reportedly injured following a major fire in Patong, Phuket, in the early hours of 16 November.
The fire broke out at around 03:20am at a commercial building on Phang Muang Sai Kor Road and spread to neighbouring buildings.
Firefighters brought the blaze under control after approximately 40–50 minutes. Authorities are investigating the incident.
#thailand #phuket #fire #patong #ไฟไหม้ #ป่าตอง
— Thai Enquirer (@ThaiEnquirer) November 16, 2026
২০২২ চনত দেশৰ পূব প্ৰান্তৰ এখন মিউজিক পাবত অগ্নিকাণ্ডত ১৪ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ এদশকৰো অধিক পূৰ্বে ২০০৯ চনৰ ১ জানুৱাৰীত থাইলেণ্ডৰ ৰাজধানী চহৰৰ সান্তিকা নাইট ক্লাবত নৱবৰ্ষৰ পূৰ্বে সংঘটিত হোৱা অগ্নিকাণ্ডত ৬৭ জন লোকৰ মৃত্যু হৈছিল আৰু ২০০ৰো অধিক লোক আহত হৈছিল।





