• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিগ্ৰীৰ বজাৰ! বিশ হাজাৰৰ পৰা দুই লাখ টকাৰ দৰত বিক্ৰী ডিগ্ৰী, উৎখাত কু-চক্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 1:46 pm
Fake Degree Racket Busted
29.2k
VIEWS
Share on FacebookShare on Twitter

অধ্যয়নৰ নাই কোনো প্ৰয়োজন। ২০ হাজাৰ টকাৰ পৰা ২ লাখ টকাৰ ভিতৰতে বিক্ৰী হয় ডিগ্ৰী। সমগ্ৰ দেশৰ বহুকেইখন চৰকাৰী আৰু বেচৰকাৰী বিশ্ববিদ্যালয় তথা ৰাজ্যিক শিক্ষা বৰ্ডৰ নামত ডিগ্ৰী প্ৰদান কৰা এনে এক কু-চক্ৰ শেহতীয়াকৈ উৎখাত হৈছে।

দেওবাৰে দিল্লী আৰক্ষীয়ে উৎখাত কৰিছে ভুৱা ডিগ্ৰীৰ মুকলি বেহা চলোৱা এই কু-চক্ৰটো। এই কু-চক্ৰটোৰ মূল ব্যক্তিগৰাকীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

এই চক্ৰটোৱে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিশ্ববিদ্যালয় আৰু ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ জাল ডিগ্ৰী আৰু প্ৰমাণ পত্ৰ প্ৰস্তুত কৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

চক্ৰটোৰ মূল মাষ্টাইৰমাইণ্ডজনক দাল চান্দ মেহেৰলিয়া বুলি চিনাক্ত কৰা হৈছে। উত্তৰ-পশ্চিম দিল্লীত এম এইচ এডুভাৰ্চিটি, ডিজিটেল স্কুল অৱ ইণ্ডিয়া নামৰ এক শিক্ষানুষ্ঠানৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মেহেৰলিয়াক।

আৰক্ষীয়ে সদৰী কৰা মতে, চাংহাই আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়, উইলিয়াম কেৰী বিশ্ববিদ্যালয়, শ্বিলং, উত্তৰাখণ্ড, ৰাজস্থান, কৰ্ণাটক, উত্তৰ প্ৰদেশ, হাৰিয়ানা, কলিংগা, বিহাৰ আদি ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ ১৯খন ভুৱা মাৰ্ক শ্বীট আৰু ডিগ্ৰী উদ্ধাৰ কৰা হৈছে চক্ৰটোৰ পৰা।

ঘটনাস্থলীৰ পৰা ১১টা লেপটপ, ১৪টা মোবাইল ফোন আৰু ভুৱা ডাকটিকটো জব্দ কৰা হৈছে। মেহেৰলিয়াৰ লগতে তদন্তৰ সময়ত বুৰাৰীৰ পৰা কু-চক্ৰটোৰ সহ-অভিযুক্ত মহাবীৰ কুমাৰ নামৰ এগৰাকী ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হয়।

জেৰাৰ সময়ত মূল অভিযুক্ত মেহেৰলিয়াই ২০২০ চনৰ পৰা এই প্ৰতিষ্ঠানটো চলাই আহিছিল আৰু তেওঁৰ কাৰ্যালয়ত বহু টেলি-কলাৰ যুৱতীক নিযুক্তি দিছিল বুলি স্বীকাৰ কৰে।

তেওঁ প্ৰকাশ কৰা মতে টেলি-কলাৰ যুৱতীকেইগৰাকীয়ে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীক ফোন কৰে আৰু আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ তথ্য তেওঁক প্ৰদান কৰে।

ইয়াৰ পিছতে মেহেৰলিয়াই হোৱাটছএপৰ জৰিয়তে তেওঁলোকৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে ডিগ্ৰী ল’বলৈ প্ৰলোভিত কৰে। তেওঁ কোনো ছাত্ৰক ব্যক্তিগতভাৱে লগ পোৱা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

দশম শ্ৰেণীৰ পৰা পি এইচ ডিলৈকে ভুৱা মাৰ্ক শ্বীট প্ৰদান কৰাৰ বাবে তেওঁ ২০,০০০ৰ পৰা ২,২০,০০০ টকা লৈছিল। টকাখিনি পোৱাৰ পিছত মেহেৰলিয়াই কুৰিয়াৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকললৈ ডিগ্ৰীৰ নথি-পত্ৰ প্ৰেৰণ কৰিছিল।

দুয়োজন অভিযুক্তই আৰক্ষীৰ আগত তেওঁলোকে ২০০০ৰো অধিক ভুৱা ডিগ্ৰী বিক্ৰী কৰিছে আৰু আনকি তেওঁলোকে প্ৰদান কৰা জাল নথি-পত্ৰৰ ভিত্তিত বহু লোকে চাকৰিয়ো লাভ কৰিছে বুলি স্বীকাৰ কৰিছে।

Recent News

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd