বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (NTA) ছেকেণ্ড ছেছনৰ ফলাফল ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাত অৱতীৰ্ণ হোৱা ৮.২ লাখ ছাত্ৰ-ছাত্ৰীৰ ফলাফল ঘোষণা কৰে। JEE Mains 2024 ৰ ফলাফল অনুসৰি ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিছে।
JEE Mains 2024 পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে অফিচিয়েল ৱেবছাইট jeemain.nta.ac.in ত নিজৰ নম্বৰ পৰীক্ষা কৰি চাব পাৰিব।
এন টি এয়ে JEE Mains 2024 ৰ ফলাফলৰ শীৰ্ষস্থানৰ তালিকাও ঘোষণা কৰিছে। অন্ধ্ৰ প্ৰদেশৰ চিন্টু সতীশ কুমাৰ, দাদৰা এণ্ড নগৰ হাভেলীৰ পৰা দত্তৰাজ বালকৃষ্ণ সৌদাগৰ, দিল্লীৰ পৰা তনয় ঝা, গুজৰাটৰ পৰা পাৰেখ মিট বিক্ৰমভাই, জম্মু-কাশ্মীৰৰ পৰা সুশান্ত পাধাই ২০২৪ চনৰ জে ই ই মেইনত শীৰ্ষস্থান দখল কৰিছে।
কেনেকৈ চাব ৰিজাল্টঃ
এই অফিচিয়েল ৱেবছাইটত ফলাফল পৰীক্ষা কৰক: jeemain.nta.ac.in
JEE Mains 2024 ৰ ফলাফল পৰীক্ষা কৰিবলৈ অফিচিয়েল ৱেবছাইটলৈ গৈ নটিফিকেশ্যনত ক্লিক কৰি তলত দিয়া নিৰ্দেশনাসমূহ অনুসৰণ কৰিব লাগিব:
১. jeemain.nta.ac.in ত, JEE Mains 2024 Session 2 ত ক্লিক কৰক: স্ক’ৰ কাৰ্ড পাবলৈ ইয়াত ক্লিক কৰক
২. আপোনাৰ আবেদন নম্বৰ যোগ কৰক
৩. তাৰ পিছত আপোনাৰ জন্ম তাৰিখ যোগ কৰক
৪. স্ক্ৰীণত দেখুওৱা সুৰক্ষা পিনটো দিয়ক
৫. ‘Submit’ কৰক।
৬. আপোনাৰ স্ক’ৰ স্ক্ৰীণত প্ৰতিফলিত হ’ব
৭. JEE Mains 2024 পৰীক্ষাত আপোনাৰ কাট অফ মাৰ্ক আৰু ৰেংকো স্ক্ৰীণত প্ৰদৰ্শিত হব
৮. ভৱিষ্যতে প্ৰয়োজনৰ বাবে সংৰক্ষণ আৰু ডাউনলোড কৰক
৯. আপোনাৰ কাউন্সেলিং আৰু আসন আবণ্টন আপোনাৰ JEE Mains 2024 ৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব
উল্লেখ্য যে এন টি এয়ে JEE Mains 2024 পৰীক্ষা দুটা ছেছনত – জানুৱাৰী আৰু এপ্ৰিলত অনুষ্ঠিত কৰিছিল। দুয়োটা ছেছনত জেইই মেইনছৰ মুঠ পঞ্জীয়নৰ সংখ্যা আছিল ২৪ লাখতকৈ অধিক — ১ম ছেছনত ১২,২১,৬২৪ আৰু ২য় ছেছনত ১২.৫৭ লাখ। চূড়ান্ত মেধা তালিকা প্ৰস্তুত কৰাৰ সময়ত জেইই মেইনছত প্ৰাৰ্থীৰ সৰ্বোত্তম নম্বৰ বিবেচনা কৰা হ’ব।