অ’এন জি চিৰ ইণ্টাৰ-ছেক্টৰেল বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ

নাজিৰাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ইণ্ডোৰ বেডমিণ্টন ষ্টেডিয়ামত চাৰিদিনীয়াকৈ আৰম্ভ হোৱা অ’এন জি চি ইণ্টাৰ-ছেক্টৰেল বেডমিণ্টন প্ৰতিযোগিতাখনত মুঠতে ১০১ জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছে। সকলো প্ৰতিযোগীয়ে অ’ এন জি চিৰ ৭ টা ছেক্টৰক প্ৰতিনিধিত্ব কৰিছে য’ত আছে মুখ্য কাৰ্যালয় ডেৰাডুন, দিল্লীৰ ক’ৰ্পোৰেট কাৰ্যালয়, মুম্বাই, দক্ষিণ, পূৰ্বাঞ্চল, পশ্চিমাঞ্চল আৰু অসম। প্ৰতিযোগিতাখন কেইবাটাও ভাগত খেলোৱা হ’ব । ইয়াৰ ভিতৰত আছে পুৰুষৰ ৪৫ বছৰৰ ঊৰ্ধ্ব আৰু অনূৰ্ধ্ব আৰু মহিলাৰ ৪৫ বছৰৰ ঊৰ্ধ্ব আৰু অনূৰ্ধ্ব। দুয়োটাতে একক আৰু দ্বৈত শাখাত খেলোৱা হ’ব।

অ’এন জি চিৰ অসম খণ্ডৰ সহকাৰী প্ৰৱন্ধক এছ ডি মাস্কেই কিংবদন্তি খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপস্থিতিত  আজি প্ৰতিযোগিতাখন মুকলি কৰে। এই প্ৰতিযোগিতাখন ধাৰাবাহিকভাৱে আয়োজন কৰি  অহাৰ কাৰণটো হৈছে ইণ্টাৰছেক্টৰেল ক্ৰীড়াৰ জৰিয়তে অ’এন জি চিত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ ক্ৰীড়া প্ৰতিভা উন্মোচিত কৰা আৰু লগতে তেওঁলোকৰ বিভিন্নধৰণৰ ৰুচিৰ বিষয়ে অৱগত হোৱা।

আয়োজক কমিটিৰ সভাপতি তথা মানৱ সম্পদৰ মুৰব্বী মহাপ্ৰবন্ধক পি টি এন্টোৱে আদৰণি ভাষণ আগবঢ়ায় আৰু ক্ৰীড়া আৰু সাংগঠনিক সম্পাদক বি চি দাসে শলাগৰ শৰাই আগবঢ়ায়।

উদ্বোধনী অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ আছিল ২০১৭ ৰ অ’এন জি চিৰ বসন্ত উৎসৱৰ বিজয়ী জাঁজীপৰীয়া হুঁচৰি দলৰ বিশেষ বিহু নৃত্য। অসমৰ সংস্কৃতি আৰু চহকী পৰম্পৰাক প্ৰতিনিধিত্ব কৰা বিহু নৃত্য উপভোগ কৰি প্ৰতিযোগিতাত ভাগ ল’বলৈ অহা বাহিৰৰ প্ৰতিযোগীসকলে উচ্চ প্ৰশংসা কৰে।

অ’ এন জি চিয়ে ইয়াৰ বিষয়া কৰ্মচাৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে সংগীত, ক্ৰীড়াকে ধৰি সৃষ্টিশীল কলাৰ প্ৰতিযোগিতা বিভিন্ন সময়ত আয়োজন কৰি আহিছে। এই প্ৰতিযোগিতাসমূহৰ জৰিয়তে বহু প্ৰতিভাৱান ক্ৰীড়াবিদ আৰু অন্যান্য বিষয়ৰ প্ৰতিভাৱান সদস্যক বৃহৎ মঞ্চলৈ লৈ যাবলৈ সক্ষম হৈছে।