অপহৰণকাৰীৰ কবলৰ পৰা অসম-মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৬৫ বছৰীয়া বৃদ্ধক

শুকুৰবাৰে ৰাতিপুৱা অসম-মেঘালয় আৰক্ষীৰ এটা যৌথ অভিযানকাৰী দলে মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ বাজেনডবা আৰক্ষী থানাৰ অধীনৰ ৰংনাগ আম্ৰেৰ পৰা এগৰাকী ব্যক্তিক অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই অপহৰণৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত সাতজন অপহৰণকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আমজাদিয়া এম ই মাদ্ৰাছাৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৬৫ বছৰীয়া মহম্মদ চুকুৰ আলীক যোৱা ২ জানুৱাৰিত গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ফলিমাৰীৰ পৰা অপহৰণ কৰা হৈছিল।

আৰক্ষীয়ে আলীক অপহৰণ কৰা দুৰ্বৃত্তৰ কবলৰ পৰা ছয় জাই গুলিৰে সৈতে দুটা ৰিভলভাৰ আৰু তিনি জাই গুলিৰ লগতে চাৰিটা মোবাইল ফোন, ছিম কাৰ্ড আদি উদ্ধাৰ কৰিছে। এই সম্পৰ্কত লক্ষীপুৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে।