অবিশ্বাস্য হ’লেও সত্য : মাজুলীৰ কৃষকে পথাৰত পোক ধৰি গঢ়িলে অভিলেখ

Majuli-beetle-catching-570x320

বান আৰু গৰাহখহনীয়াই জুৰুলা কৰা মাজুলীৰ কৃষক সকলে বছৰ বছৰধৰি সন্মুখীন হৈ অহা এক ডাঙৰ সমস্যা হৈছে কৃষি পথাৰত হাতীপোকৰ উপদ্ৰৱ । এই উপদ্ৰৱ ৰোধ কৰাৰ অৰ্থে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈছে যদিও ইয়াৰ সমাধান সূত্ৰ উলিওৱাত ব্যৰ্থ হোৱাত সোমবাৰে মাজুলীৰ খেতিয়কসকলে এক ব্যতিক্ৰমী কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে কালি নিশা মাজুলীৰ কৰতিপাৰৰ চাৰিঘৰীয়া চাপৰিত ১০০ জন কৃষক, কৃষি বিজ্ঞানী আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলে গাঁৱৰ কৃষকসকলক লগত লৈ পথাৰত পোক ধৰা দেখিবলৈ পোৱা যায়। এই দলটোৱে নিশা পথাৰৰ পৰা ৭৩০৭৭ পোক ধৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হয়।

পূৰ্বেও মাজুলীৰ বিভিন্ন পথাৰত এনে অভিযান চলাই হাতী পোক ধৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ সকলো ৰেকৰ্ড ভঙ্গ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে মাজুলীৰ কৃষকে অশেষ কষ্ট কৰি কৰা আহু আৰু বৰো ধানৰ শ-শ বিঘা কৃষি ভূমি প্ৰতি বছৰেই হাতী পোকে খাই তহিলং কৰে। বিশেষকৈ এপ্ৰিল, মে মাহত বংশ বৃদ্ধি হোৱা এই পোক বিধ ধ্বংস কৰিবলৈ কৃষক সকলে ঔষধ ব্যৱহাৰ কৰাৰ লগতে নানা কৌশল অৱলম্বন কৰিলে যদিও আজিলৈ কৃতকাৰ্যতা নাপালে কৃষকসমাজে।

খেতি পথাৰ বিনষ্ট কৰা এই পোক বিধৰ সম্পৰ্কত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক বাদল ভট্টাচাৰ্যই বিগত তিনি বছৰৰ পৰা মাজুলীৰ কৃষি পথাৰ সমুহৰ ওপৰত গৱেষনা চলাই আছে। কিন্তু চিকিৎসকগৰাকীয়েও আজি পৰ্যন্ত পোক বিধ নিয়ন্ত্ৰণৰ বাবে কোনো বিহিত ব্যৱস্থা উদ্ভাৱণ কৰিব পৰা নাই।

সেয়ে কালি নিশা স্থানীয় কৃষক, কৃষি বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীৰ দলে কৃষি পথাৰৰ পৰা পোক ধৰি সাময়িকভাবে কৃষকসকলক সকাহ দিয়াৰ লগতে এক অভিনৱ ৰেকৰ্ড গঢ়িবলৈও সক্ষম হয়। দলটোৰ এই কাৰ্যত স্থানীয় লোকৰ লগতে কৃষক সমাজ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।