অবৈধ বাংলাদেশী প্ৰব্ৰজন প্ৰতিৰোধৰ বাবে সীমান্ত সুৰক্ষা বাহিনীয়ে নদীপথত গঢ়ি তুলিব নিৰীক্ষণ ব্যৱস্থা

প্রতিনিধিত্বমূলক ফটো

অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনৰ ফলত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে সমগ্ৰ দেশৰ বাবে সৃষ্টি হোৱা সংস্যাটোৰ মোকাৱিলা কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীয়ে পোন প্ৰথমবাৰৰ বাবে ভাৰত-বাংলা নদী সীমান্তত নিৰীক্ষণ ব্যৱস্থা গঢ়ি তুলিবলৈ সাজু হৈছে। বৰ্তমান অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ বিষয়টোত দৃষ্টি ৰাখি সীমান্ত সুৰক্ষা বাহিনীয়ে ১,১১৬ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলা নদীপথ সীমান্তত নিছিদ্ৰ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ পদক্ষেপ হাতত লৈছে।

চৰকাৰে অবৈধ বাংলাদেশী প্ৰব্ৰজন ৰোধ কৰাৰ বাবে সৰ্বোতোপ্ৰকাৰে প্ৰয়াস কৰি অহাৰ উপৰি শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সহায়ত এইক্ষেত্ৰত এক ব্যাপক প্ৰচেষ্টা হাতত লৈছে। উল্লেখযোগ্য যে এই নাগৰিকপঞ্জী উন্নীতকৰণ সমগ্ৰ প্ৰক্ৰিয়াটো চোৱা চিতা কৰিছে উচ্চতম ন্যায়ালয়ে।

আনহাতে, সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্ত অঞ্চলৰ নদীৰ আভ্যন্তৰীণ জলপথ ব্যৱহাৰ কৰি মানৱ সৰৱৰাহকাৰীসকলে অবৈধ প্ৰব্ৰজনকাৰীসকলক সীমান্ত পাৰ কৰি দিয়াৰ কাৰবাৰটো ধৰা পেলাবলৈ ৰিম’ট পৰিচালনাৰে পানীৰ তলেৰে চলা গাড়ী ব্যৱহাৰ কৰিব।

বাংলাদেশ সীমান্তত কৰ্মৰত এগৰাকী বিএছএফৰ বিষয়াই জানিবলৈ দিয়া মতে সীমান্ত অঞ্চলত এনে বহু ধৰণৰ সমস্যাপূৰ্ণ স্থান আছে য’ত বাস্তৱিকতে কাঁটাতাঁৰৰ বেৰ দিয়া সম্ভৱ নহয়। এই অঞ্চলবোৰত প্ৰযুক্তিৰ সহায় লোৱা হ’ব। পানীৰ তলেৰে যোৱা ৰিম’ট পৰিচালিত গাড়ী আৰু হাইড্ৰ’ফোনৰ ব্যৱহাৰৰ জৰিয়তে অবৈধ প্ৰব্ৰজনকাৰীৰ ৰাস্তা সমূলি বন্ধ কৰিব পৰা যাব। এই ব্যৱস্থাসমূহ শীঘ্ৰে ৰূপায়ন কৰা হ’ব বুলিও বিষয়া গৰাকীয়ে জানিব দিয়ে।

ভাৰত আৰু বাংলাদেশৰ মাজত মুঠতে ২,৯৭৯ কিলোমিটাৰ ভূমি সীমান্ত আৰু ১,১১৬ কিলোমিটাৰ নদী সীমান্ত আছে। ব্ৰহ্মপুত্ৰকে ধৰি ৫৪ খন নদীয়ে দুই সীমান্তৰ অংশ আৱৰি আছে। সৰ্বমূঠ ৪,০৯৬ কিলোমিটাৰ সীমান্তৰ ভিতৰত পশ্চিমবংগত ২,২১৬.৭ কিলোমিটাৰ, অসমত ২৬৩ কিলোমিটাৰ, মেঘালয়ত ৪৪৩ কিলোমিটাৰ আৰু ত্ৰিপুৰাত ৮৫৬ কিলোমিটাৰ দৈৰ্ঘ সামৰি লৈছে।