DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অম্বুবাচী উপলক্ষে ভৰলুমুখ-মালিগাঁও-পাণ্ডু-আদাবাৰীত নিশা ৮ বজাত সুৰাৰ বিপণী বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 24, 2018 2:06 pm
অম্বুবাচী
165
VIEWS
Share on FacebookShare on Twitter

নীলাচলৰ কামাখ্যধামত চলি থকা মহা অম্বুবাচীৰ দ্বিতীয়দিনা কামৰূপ মহানগৰ উপায়ুক্তই এক বিশেষ জাননী জাৰি কৰি কেতবোৰ অঞ্চলত সুৰাৰ বিপণী বন্ধ কৰাৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে।

সেই অনুসৰি নিৰ্দেশনাটোযোগে ভৰলুমুখ-মালিগাঁও-পাণ্ডু-আদাবাৰীত আজি আৰু অহা কাইলৈ পূৰ্বৰ ১০ বজাৰ পৰিৱৰ্তে নিশা ৮ বজাত সুৰাৰ দোকান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে মহানগৰ উপায়ুক্তই।

উল্লেখযোগ্য যে আবকাৰী আইন ২০০০ৰ ৫২(১) নং অধিনিয়ম অনুসৰি এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত গৰাকীয়ে। বিশেষকৈ অম্বুবাচী মেলা সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে এই সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবেই এই আগতীয়া সতৰ্কতা গ্ৰহণ কৰিছে প্ৰশাসনে।

উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিনা মা কামাখ্যাৰ আশিস ল’বলৈ দেশ–বিদেশৰ লাখ লাখ ভক্তই নীলাচলত আহি ভিৰ কৰিছেহি। তন্ত্ৰ সাধনাৰ ৰহস্যৰ সন্ধান বিচাৰি উপস্থিত হৈছেহি সাধু-সন্ন্যাসীৰ দল। পূৰ্ব নিৰ্ধাৰিত অনুসৰি অহা ২৬ জুনৰ পুৱা ৭ বাজি ৫১ মিনিট ৫৮ ছেকেণ্ডত নিবৃত্তি হ’ব।

আনহাতে মহা অম্বুবাচী মেলাৰ বাবে দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা ১৫০জন স্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে। ৪০০ জন স্কাউট গাইড, ৫০ জন এন চি চি, ৪০০ জন স্বেচ্ছাসেৱকৰ লগতে ১৫০জন অস্থায়ী সুৰক্ষা কৰ্মীকো নিয়োগ কৰা হৈছে।

মেলাৰ সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ২০০ জন অতিৰিক্ত চাফাই কৰ্মী নিয়োগ কৰা হৈছে। সুৰক্ষাৰ বিভিন্ন দিশৰ সুবিধাৰ বাবে ৪০০ চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে।

 

Recent News

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd