অসমে কেতিয়াও ‘কা’ মানি নলয়, প্ৰতিবাদ কৰিয়েই থাকিব : জুবিন গাৰ্গ

কণ্ঠশিল্পী জুবিন গাৰ্গে মঙলবাৰে কয় যে অসমে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (কা)ৰ বিৰোধিতা কৰি থাকিব, এই আইন কেতিয়াও অসমে মানি নলয়। লগতে এই প্ৰতিবাদত কোনো ব্যক্তিৰ মৃত্যু হ’বলৈ নিদিয়ে বুলিও মন্তব্য কৰে জুবিনে।

এক বিবৃতিত গাৰ্গে কয় যে ২০১৭ চনৰ পৰা (তেতিয়াৰ নাগৰিকত্ব সংশোধনী বিধেয়ক) বিতৰ্কিত আইনখনৰ বিৰোধিতা কৰি আহিছিল আৰু এই সন্দৰ্ভত তেওঁৰ স্থিতি কেতিয়াও সলনি হোৱা নাই।

জুবিন গাৰ্গে উল্লেখ কৰে যে কোন কি দলত আছে সেই লৈ তেওঁ একো গুৰুত্ব নিদিয়ে।

‘সৰুৰে পৰা প্ৰতিবাদত মানুহে প্ৰাণ হেৰুৱাই থকা দেখি আহিছো। একেদৰে CAA প্ৰতিবাদত আমি পাঁচজন ল’ৰা হেৰুৱালোঁ। প্ৰতিবাদত আৰু মানুহ মৰিবলৈ নিদিওঁ”, তেওঁ লগতে কয়।

গাৰ্গে অৱশ্যে লগতে কয় যে প্ৰতিবাদৰ বিভিন্ন উপায় আছে, CAAৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব লাগিব।

মঞ্চ আৰু ছ’চিয়েল মিডিয়া দুয়োটাতে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও গায়কজনে।

তেওঁ লগতে কয়, ‘চৰকাৰে আমাৰ ওপৰত জোৰ-জবৰদস্তি কৰিলেও অসমৰ ৰাইজে ‘কা’ মানি নলয়৷ ই কোনো কাৰণতে সফল হ’ব নোৱাৰে। অসমত হিন্দু-মুছলমান বিভাজনে কাম নকৰে।”

তেওঁ আৰু কয় যে অসম অসমৰ জনসাধাৰণ আৰু ভাৰতীয়ৰ বাবে। ইয়াত কোনো বাহিৰৰ মানুহ থাকিব নোৱাৰে।

লগতে “কা”ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰত তেওঁ অৰিহণা যোগাব বুলিও মন্তব্য কৰে জুবিনে।