• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদ্যুৎ বৰদলৈয়ে হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিলে অতীতৰ কথা

৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীক মিছা নামাতিবলৈ আহ্বান ভূপেন বৰাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 7, 2024 6:53 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰাইদেউত অনুষ্ঠিত হ’বলগীয়া বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ এদিন পূৰ্বে আজি সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক পুনৰ ওভতি ধৰে। পত্নীৰ সম্পত্তি বিতৰ্ক তল পেলাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক ঢাল হিচাবে ব্যৱহাৰ কৰিছে বুলিও কয় সভাপতি বৰাই।

Apply Now

তেওঁ কয়, ”২০১৯ চনত গঠিত হোৱা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰৰ ওচৰত দাখিল কৰিছিল। দীঘলীয়া সময় বিজেপি চৰকাৰে সেইখন ধোৱা চাঙত থৈ দিলে। এতিয়া বিভিন্ন ৰাজনৈতিক হেঁচাত পৰি সেই কথা মুখ্যমন্ত্ৰীৰ মনত পৰিছে।’’ কি কাৰণত প্ৰতিবেদনখনৰ ১০ টা পৰামৰ্শ বাদ দিয়া হ’ল আৰু বাদ দিয়া পৰামৰ্শকেইটাত কি আছে সেয়াও জনাবলৈ সভাপতি বৰাই মুখ্যমন্ত্ৰীক আহ্বান জনায়।

‘কা’ আৰু অসম চুক্তি পৰস্পৰ বিৰোধী বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰকৃত কথাটো ব্যাখ্যা কৰাৰ পৰা বিৰত আছে।

একেদৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হৈ নুঠাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত বৰাই কংগ্ৰেছৰ কাৰ্যকালত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কি ব্যৱস্থা লোৱা হৈছিল সেয়াও হিমন্ত বিশ্ব শৰ্মাক সোঁৱৰাই দিয়ে। তেওঁ কয় যে তদানীন্তন বিভানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰ নেতৃত্বত অসম বিধানসভাৰ এটা দলে দিল্লীলৈ গৈ তেতিয়াৰ গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল অ’ৰামক সাক্ষাৎ কৰিছিল। সেই সময়ত হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছ চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী হৈ থকাৰ পিছতো এতিয়া ৰাজনৈতিক স্বাৰ্থত আৰু কিমান মিথ্যাচাৰৰ আশ্ৰয় ল’ব বুলিও ভূপেন বৰাই প্ৰশ্ন কৰে। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে তীব্ৰ সমালোচনা কৰে।

তেওঁ কয়, ”হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছ চৰকাৰৰ দিনত মোৰ সতীৰ্থ মন্ত্ৰী আছিল। মই তেখেতক মনত পেলাই দিব খুজিছো যে কংগ্ৰেছ দলৰ চৰকাৰে সেই সময়ত এটা স্পষ্ট সিদ্ধান্ত লৈছিল। দিনটো আছিল ৯ ডিচেম্বৰ, ২০১৩। তেতিয়া হিমন্ত বিশ্ব শৰ্মাও মন্ত্ৰী আছিল যদিও তৰুণ গগৈদেৱক পিছফালৰ পৰা ডেগাৰ মাৰি নিজে মুখ্যমন্ত্ৰী হোৱাৰ কুছকাৱাজ আৰম্ভ কৰিছিল। যি নহওক, কংগ্ৰেছ চৰকাৰে তেতিয়া ইতিমধ্যে অসমৰ জনজাতি হিচাপে স্বীকৃত জনজাতিসমূহৰ সংবিধান প্ৰদত্ত অধিকাৰৰ কোনো ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে হাতে-কামে লাগিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।’’

এইদৰে সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীগৰাকীক চূড়ান্ত মিথ্যাচাৰী আখ্যা দি নিজৰ অতীত পাহৰি নাযাবলৈকো একপ্ৰকাৰ মনত পেলাই দিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd