অসমৰ আটাইতকৈ বঞ্চিত সম্প্ৰদায় হৈছে কলিতা সম্প্ৰদায়ঃ ড০ ৰমেন কুমাৰ কাকতি

cultural procession during Kalita conference

অসমৰ আটাইতকৈ বঞ্চিত সম্প্ৰদায় হৈছে কলিতা সম্প্ৰদায়। অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক ড০ ৰমেন কুমাৰ কাকতিয়ে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ লগতে কয় যে ৭০ লাখ কলিতা জনগোষ্ঠীৰ লোকে অসমত বসবাস কৰে।

‘বিভিন্ন সময়ত অন্য জনগোষ্ঠীয় সম্প্ৰদায়ে কলিতা সম্প্ৰদায়ৰ বুদ্ধি, শক্তি, বীৰত্বক ধাল হিচাপে ব্যৱহাৰ কৰি লাব আহৰণ কৰা দেখা গৈছে’, এইদৰে কয় কাকতিয়ে।

তেওঁ আৰু কয় যে ৰজা ভগদত্ত, মণিৰাম দেৱান, চহিদ মুকুন্দ কাকতি আৰু অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে বহুতো কলিতা সম্প্ৰদায়ৰ লোকে নিজৰ মাতৃভূমিৰ প্ৰতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰি জীৱন উৎসৰ্গা কৰিছে।

ইমানবোৰ মহান বলিদানৰ পিছতো কলিতা জনগোষ্ঠী সমাজত অৱহেলিত হৈ থকাটো দুৰ্ভাগ্যজনক বুলি দুখ প্ৰকাশ কৰে কাকতিয়ে।

দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা কলিতা জনগোষ্ঠী সন্মিলনৰ ১৩ সংখ্যক অধিৱেশনৰ পদ্মকান্ত চহৰীয়া মুকলি স্মৃতিচাৰণ সভাত সাধাৰণ সম্পাদক কাকতিয়ে উক্ত মন্তব্য কৰে। লক্ষ্যণীয় যে সোমবাৰতে উক্ত অধিৱেশখনৰ সামৰণি পৰিছিল।

আনহাতে উক্ত সভাতে কাকতিয়ে বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে ঐতিহাসিক অসম আন্দোলনত চহিদ হোৱা লোকৰ ভিতৰত ৫০ শতাংশই আছিল কলিতা সম্প্ৰদায়ৰ। বিটিচি অধ্যুষিত অঞ্চলত বাস কৰা সম্প্ৰদায়ৰ ভিতৰত কলিতা হৈছে তৃতীয় বৃহৎ সম্প্ৰদায়।

‘দুবছৰ পূৰ্বে তামুলপুৰত অনুষ্ঠিত হোৱা সংগঠনটোৰ অধিৱেশনত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিএডিত বাস কৰা অন্য সম্প্ৰদায় লোকৰ ভূমি অধিকাৰ ৰক্ষাৰ যি আশ্বাস প্ৰদান কৰিছিল সেয়া এতিয়ালৈ কাৰ্যত পৰিণিত নকৰিলে’ এই বুলিও তেওঁ ক্ষেদ প্ৰকাশ কৰে।

কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ ভবেন চন্দ্ৰ কলিতাই সভাপতিত্ব কৰা মুকলি সভাত ভৈৰৱকুণ্ড বিটিচি পৰিষদৰ সদস্য ৰিপেন দৈমাৰীৰ লগতে অন্য ব্যক্তিও উপস্থিত থাকে।

এই সন্মিলনখনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা স্মাৰকগ্ৰন্থ ‘কুলতা’ উন্মোচন কৰে ৰাষ্ট্ৰীয় গ্ৰামীণ উন্নয়ন সংস্থাৰ মুখ্য উপদেষ্টা ড০ ফনীন্দ্ৰ ডেকাই।

উল্লেখযোগ্য যে সন্মিলনৰ অন্তিমদিনাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাৰ শুভউদ্বোধন কৰে ওদালগুৰিৰ জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে। অন্তিম দিনা নিশা অসমৰ জনপ্ৰিয় গায়িকা গিতালী কাকতিয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

স্মৰ্তব্য যে অন্তিমখন কাৰ্যনিৰ্বাহকৰ অন্তত এখন নতুন সমিতি গঠন কৰে সংগঠনটোৱে।

নতুনকৈ গঠন হোৱা সমিতিখন হ’ল ড০ ভবেন চন্দ্ৰ কলিতা, সভাপতি, ড০ পবীন্দ্ৰ নাথ তালুকদাৰ কাৰ্যকৰী সভাপতি, ড০ ৰমেন কুমাৰ কাকতি সাধাৰণ সম্পাদক, জয়সূৰ্য্য বৰা আৰু কাজল বৰাক উপসভাপতি, ডালিম বায়ন, দিপক কলিতা, প্ৰদীপ বৰাক সম্পাদক আৰু অখিল কলিতাক প্ৰচাৰ সম্পাদক।