অসমৰ প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাচাৰ দেহাৱসান

G_C_Langthasa-570x320

ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসমৰ প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাচাৰ শনিবাৰে ৰাতিপুৱা দেহাৱসান ঘটে।

তেওঁ দীৰ্ঘদিন ধৰি অসুখত ভূগি আছিল। মৃত্যুৰ সময়ত লাংথাছাৰ বয়স হৈছিল ৮৬ বছৰ।

১৯৩২ চনৰ ২৩ জানুৱাৰীত পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা, বৰ্তমানৰ ডিমা হাচাওৰ নতুন ওৱাড্ৰেংডিছা গাওঁত লাংথাচাৰ জন্ম হৈছিল।

তেওঁ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব পৰিষদৰ (এনচিএইচএচি)ৰ এঘাৰ বছৰ ধৰি মুখ্য কাৰ্যবাহী সদস্য (চিইএম) আছিল।

লাংথাচাই অসম বিধানসভাত ১৬ নং হাফলং (অনুসূচিত জনজাতিৰ সংৰক্ষিত) বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল।

১৯৫২ চনত ২০ বছৰ বয়সতে লাথাছাই মাইবাং ব্লক কংগ্ৰেছ কমিটিৰ অধীনত এগৰাকী কৰ্মী হিচাপে কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু জিলা পৰিষদৰ নিৰ্বাচন তথা বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ (পাৰ্বত্য) স্বায়ত্ত্বশাসিত জিলাখনত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল।

১৯৬২ চনত তেওঁ গুনজুং সমষ্টিৰ পৰা স্বায়ত্ত্ব শাসিত জিলাৰ নিৰ্বাচনত বিজয়ী হৈছিল আৰু ১৯৬৭ চনলৈকে কাৰ্যবাহী সদস্য হৈ আছিল। ১৯৬৭ চনত তেওঁ একেটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ১৯৭২ চনলৈকে কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।

১৯৭২ চনত তেওঁ উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচিত হয় আৰু ১৯৮৩ চনলৈকে সেই পদত কাৰ্যনিৰ্বাহ কৰে।

১৯৮৩ চনত তেওঁ ১৬ নং হাফলং সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয় আৰু প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কেবিনেটত অন্তৰ্ভুক্ত হয়।

তেওঁ ১৯৯১ আৰু ২০০১ চনত পুনৰ বিধানসভালৈ নিৰ্বাচিত হয় আৰু কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

২০০৬ চনত লাংথাচাক কেবিনেটত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল আৰু তেওঁক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ তথা গৌহাটি বিশ্ববিদ্যালয়ৰ কোৰ্ট ও কাউন্সিলৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়।

তেওঁ ২০১১ চনত ষষ্ঠবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।