অসম-ত্ৰিপুৰা সীমান্তৰ পৰা অবৈধ বাংলাদেশী আটক

Illegal Bangadeshi arrested at Tripura

অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী চুৰাইবাৰী অঞ্চলৰ পৰা আজি আৰক্ষীয়ে এজন সন্দেহযুক্ত অবৈধ বাংলাদেশী লোকক আটক কৰে।

আটকাধীন বাংলাদেশী লোকজনক আব্দুল ওৱাছিদ বুলি চিনাক্ত কৰা হৈছে। তেওঁ বাংলাদেশৰ মৌলবী বজাৰ এলেকাৰ বাসিন্দা।

প্ৰাপ্ত তথ্য মতে অঞ্চলটোৰ কোনো লোকৰ ঘৰত ব্যক্তিজনে থিতাপি লৈ থকাৰ সম্ভেদ পাই আৰক্ষীৰ লোকে ঘৰটোত তালাচী চলাই লোকজনক আটক কৰে।

আৰক্ষীৰ আগত লোকজনে স্বীকাৰ কৰা মতে বাংলাদেশৰ পৰা তেওঁ ত্ৰিপুৰাৰ ইয়াকুবনগৰ হৈ ভাৰতত প্ৰবেশ কৰিছিল। যোৱা কেইবামাহ ধৰি তেওঁ ভাৰতত বাস কৰি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে বাংলাদেশী লোকজনক আটক কৰা ঘটনাই আজি অঞ্চলটোত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইদৰে অবৈধভাৱে এজন বাংলাদেশী লোকে মাহ মাহ ধৰি থিতাপি লৈ খাকিব পৰাটোৱে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থাটোৰ ওপৰতে প্ৰশ্নবোধক চিহ্ন আনি দিছে সচেতন লোকসকলে মন্তব্য কৰিছে।