• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম মহিলা বিশ্ববিদ্যালয় আইন, ২০১৩ৰ যোগে চৰকাৰে পতা উপাচাৰ্য্যহীন বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ কোনো মূল্য নাই : শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
March 18, 2018 3:26 pm
কাজিৰঙা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত মুখ্য অতিথি হিচাপে শিক্ষা মন্ত্ৰী শৰ্মা

কাজিৰঙা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত মুখ্য অতিথি হিচাপে শিক্ষা মন্ত্ৰী শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম মহিলা বিশ্ববিদ্যালয় আইন, ২০১৩ (Assam Women’s University Act, 2013)ৰ যোগে স্বয়ং অসম চৰকাৰে প্ৰতিষ্ঠা কৰা অসম মহিলা বিশ্ববিদ্যালয়ে প্ৰদান কৰা ডিগ্ৰীসমূহৰ কোনো মূল্য নাই বুলি শনিবাৰে ঘোষণা কৰিলে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিশ্ববিদ্যালয়খন সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কাজিৰঙা বিশ্ববিদ্যালয়ৰ ৪ৰ্থ সমাৱৰ্তনত উপস্থিত থকা শৰ্মাই আজি ‘উপাচাৰ্য্য নোহোৱা বাবে বিশ্ববিদ্যালয়খনে প্ৰদান কৰা প্ৰমাণপত্ৰৰ কোনো মূল্য নাই’ বুলি মন্তব্য কৰে।

Apply Now

শিক্ষা মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে। স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ ১৫ টা বিভাগৰ শিক্ষা প্ৰদান কৰা বিশ্ববিদ্যালয়খনৰ পৰা ইতিমধ্যে দুটা বৰ্ষৰ ছাত্ৰীয়ে শিক্ষা সম্পূৰ্ণ কৰিছে।

লক্ষণীয়ভাৱে এতিয়াও উপাচাৰ্য্যহীন বিশ্ববিদ্যালয়খনত এতিয়াও প্ৰায় ৫০০ গৰাকী ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

বিশ্ববিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা কেবাগৰাকী ছাত্ৰী ইতিমধ্যে শিক্ষকৰ যোগ্যতা নিৰ্ণয়কাৰী ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষা নে’ট (NET)টো উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। তাৰোপৰি কিছুসংখ্যক ছাত্ৰীয়ে ডিব্ৰুগড় আৰু নে’হু (NEHU) বিশ্ববিদ্যালয়ত এম ফিল আৰু ডক্তৰে’ট কৰি আছে।

বহুবিলাক ছাত্ৰী চৰকাৰী, বেচৰকাৰী বিভিন্ন চাকৰিত মকৰল হৈ আছে।

এতিয়া ছাত্ৰীসকলে প্ৰতিবাদী অনশন কাৰ্য্যসূচী লোৱা আৰু আদালতৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

শিক্ষা মন্ত্ৰীৰ এই ঘোষণাৰ পিছত শিক্ষককে ধৰি একাংশ নাগৰিকে ‘বেচৰকাৰী শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীক ঠগা ঘটনা কেতিয়াবা ঘটে। কিন্তু চৰকাৰে অবৈধ প্ৰমাণপত্ৰ দিয়া ঘটনা ভাৰতৰ ইতিহাসত এইটোৱে প্ৰথম’ ধৰণৰ মত প্ৰকাশ কৰিছে।

বিশ্ববিদ্যালয়খনক কাৰিকৰী প্ৰতিষ্ঠানলৈ পৰিৱৰ্তন কৰা হ’ব নেকি বুলি সোধাত মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কে কিবা এটা কৰিব লাগিব বুলি কৈ বিশ্ববিদ্যালয়খনক এক অধিক উপযোগী নিৰ্দেশনা দিয়াৰ বাবে তেওঁ চেষ্টা কৰিব বুলি মন্তব্য কৰে।

ইয়াৰ বিপৰীতে কিছুসংখ্যক কলেজ একগোট কৰি প্ৰাচীন আৰু ঐতিহ্যমূল্যসম্পন্ন জে বি কলেজক এখন লীড বিশ্ববিদ্যালয়ৰূপে গঢ়ি তোলা হ’ব বুলি জনাই শিক্ষা মন্ত্ৰীজনে।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনক কাৰিকৰী প্ৰতিষ্ঠানলৈ পৰিৱৰ্তন কৰা হ’ব বুলি শুনি তাৰ প্ৰতিবাদত মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে যোৱা ৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ‘ক’লা দিন’ পালন কৰিছিল।

হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী থকাৰ সময়ত ২০১৩ চনত গৃহীত কৰা, আইনযোগে অসম চৰকাৰে পতা বিশ্ববিদ্যালয়খন ২০১৪ চনৰ ১১ চেপ্তেম্বৰত উদ্বোধন কৰিছিল অসমৰ তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্যৰ গুদামত আৰম্ভ কৰা উপাচাৰ্য্যহীন মহিলা বিশ্ববিদ্যালয়খনৰ ‘মেন্তৰ’ হিচাপে কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য কমল মল্ল বুজৰবৰুৱাক দায়িত্ব দিয়া হৈছিল।

প্ৰতিষ্ঠাকালৰে পৰা বিশ্ববিদ্যালয়খনৰ সকলো শিক্ষকে তদৰ্থভিত্তিক (ad hoc) সেৱা আগবঢ়াই আহিছে।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd