অৰুণাচলৰ গাঁওবাসীয়ে দেখুৱাইছে নদী পৰিষ্কৰণৰ আদৰ্শ

river-cleaning-in-Arunachal-570x320

অৰুণাচল প্ৰদেশৰ কেল আৰু পেনিয়ৰ নদী দুখন শনিবাৰে ১০০০ তকৈয়ো অধিক স্বেচ্ছাসেৱকে পৰিষ্কাৰ কৰি কেইবা কুইণ্টলো জাবৰ তথা আৱৰ্জনা উলিয়ায়।

দুয়োখন নদীয়ে নামনি সোৱনশিৰি জিলাৰ য়াজালি চহৰৰ মাজেৰে বৈ গৈছে।

স্বচ্ছ অৰুণাচল মিশ্যনৰ সহযোগত য়াজালি নিয়কুম য়ুলু সোণালী জয়ন্তী উদযাপন সমিতিয়ে আৰম্ভ কৰা নদী পৰিষ্কৰণ অভিযানত সকলো শ্ৰেণীৰ স্থানীয় লোকেই অংশগ্ৰহণ কৰে।

উৎসৱ উদযাপনৰ আগে আগে এই নদী পৰিষ্কৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কুঁৱলীৰে ভৰা শীতৰ ৰাতিপুৱা সাহসেৰে ওলাই অহা স্বেচ্ছাসেৱকসকলে নদীত জঁপিয়াই পৰে আৰু বছৰ বছৰ ধৰি জমা হৈ থকা কুইণ্টলে কুইণ্টলে জাবৰ তথা আৱৰ্জনা পৰিষ্কাৰ কৰি উলিয়ায়।

য়াজালি নিয়কুম য়ুলুৰ স্বেচ্ছাসৱকসকলে লগতে বজাৰ স্থান, কাৰ্যালয় চৌহদ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদতো পৰিষ্কৰণৰ অভিযান চলায়।

ইটানগৰৰ স্বচ্ছ ভাৰত মিশ্যনৰ এটা দলে পৰিদৰ্শন কৰা এই অভিযানত কাষৰীয়া গাওঁসমূহৰ স্থানীয় বাসিন্দাসকলে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীৰ মাজতে সংবাদ মাধ্যমৰ বক্তব্য ৰাখি য়াজালিৰ অতিৰিক্ত উপায়ুক্ত জে টি অ’বিয়ে জনসাধাৰণক তেওঁলোকৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখাৰ আহ্বান জনায় আৰু সেয়া নিয়মিতভাৱে কৰা উচিত বুলি মন্তৱ্য আগবঢ়ায়।

স্বচ্ছ অৰুণাচল মিশ্যনৰ সহযোগত য়াজালি নিয়কুম য়ুলু সোণালী জয়ন্তী উদযাপন সমিতিয়ে গাওঁবাসীৰ মাজতো পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ গুৰুত্ব সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে সমিতিয়ে ইতিমধ্যে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিছে আৰু প্ৰকৃতি ৰক্ষাৰ প্ৰকৃত অৰ্থ বহন কৰি উৎসৱটোত জৈৱিকভাৱে প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।