অৰুণাচলৰ চৰকাৰী বিদ্যালয়ত পাঠ্যপুথিৰ নাটনিৰ সমস্যা দূৰ কৰিবলৈ খাণ্ডু চৰকাৰক আহ্বান ৰাজ্যপালৰ

Dr-BD-Mishra-jpg-570x320

শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি লাভ কৰিবলৈ সক্ষম হয় সেয়া নিশ্চিত কৰিবলৈ খাণ্ডু চৰকাৰক আহ্বান জনাইছে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ  (অৱসৰপ্ৰাপ্ত) বি ডি মিশ্ৰই।

তেওঁ লগতে চৰকাৰী বিদ্যালয়ত পাঠ্যপুথিৰ নাটনিৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈও ৰাজ্য চৰকাৰক এটা উপযুক্ত ব্যৱস্থা গঢ় দিয়াৰ আহ্বান জনায়।

উল্লেখ্য যে নামচাইত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইনৰ সৈতে ৰাজ্যপালগৰাকীয়ে এক বৈঠকত মিলিত হোৱাৰ পাছতে ৰাজভৱনৰ পৰা জাৰি কৰা এক বিবৃতিত এই কথা জানিব পৰা গৈছে।

আনহাতে আইন- শৃংখলা বজাই ৰাখিবলৈ নামচাই জিলাৰ প্ৰতিটো মণ্ডলতে একোটাকৈ আৰক্ষী চকী স্থাপনৰ পোষকতা কৰে ৰাজ্যপালগৰাকীয়ে। ন্যায়িক ব্যৱস্থাটোৰ গুৰুত্বৰ কথা দোহাৰি তেওঁ লগতে প্ৰতিখন জিলাতে ন্যায়ালয় স্থাপনৰ পৰামৰ্শ দিয়ে। ৰাজ্যপালগৰাকীয়ে বৈঠকখনত জিলা চিকিৎসালয়সমূহত প্ৰয়োজন অনুসৰি বিশেষজ্ঞ চিকিৎসকৰ অভাৱ তথা বৰ্ধিত আফিং খেতি সন্দৰ্ভতো নিজৰ উদ্বিগ্নতা ব্যক্ত কৰে।

উল্লেখ্য যে বৈঠকখনত পৰিকল্পনা বিভাগৰ সংসদীয় সচিব চাও জিনগনু উপস্থিত আছিল।

সপত্নীক ৰাজ্যপালগৰাকীয়ে নামচাইৰ কিছু অঞ্চল পৰিদৰ্শন কৰাৰ পাছত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি অভিভাৱক, গাঁওবুঢ়া, পঞ্চায়ত সদস্য, ৰাইজ আৰু ৰাজনৈতিক নেতাসমূহক সমাজত অশান্তি বিয়পোৱা চক্ৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায়।

ৰাজ্যপালগৰাকীয়ে লগতে বিদ্যালয় তথা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ ভ্ৰমণ কৰি ৰোগীৰ মাজত ফলমূলো বিতৰণ কৰে। উল্লেখ্যে যে নামচাই ভ্ৰমণ সামৰাৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে নিৰাপত্তাৰক্ষীৰ মুৰব্বীসকলকো সাক্ষাৎ কৰে।