অৰুণাচলৰ জয়ৰামপুৰত দুজন এন এচ চি এন (ৰিফৰমে’চন) সদস্য আটক

nscn (r)

এন এচ চি এন (ৰিফৰমে’চন)ৰ আটকাধীন সদস্য

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰ অঞ্চলৰ লিংতৈ গাঁৱত ১৩ অসম ৰাইফলচে দুজন এন এচ চি এন (ৰিফৰমে’চন)ৰ দুজন সদস্যক আটক কৰিছে।

বিদ্ৰোহী দুজনক উক্ত গাঁৱৰে বাসিন্দা চাৰ্জেন্ত মে’জৰ এন মুংৰে আৰু সাধাৰণ সদস্য জংচাম চেনা বুলি চিনাক্ত কৰা হৈছে। লোক দুজনৰ পৰা দুটা পিস্তল, বহু জাঁই গুলী আৰু এখন মটৰ চাইকেল জব্দ কৰিছে।

জানিব পৰা মতে অসম-অৰুণাচল সীমান্তত সংগঠনটোৰ হৈ ধন দাবীৰ ঘটনাত লোক দুজন জড়িত আছিল।

১ ফেব্ৰুৱাৰিত অসম ৰাইফলচে দুজন সন্দেহযুক্ত আলফা (স্বাঃ) আৰু পি এল এ’ সদস্যক হত্যা কৰিছিল। নিহত লোক দুজনক আলফা (স্বাঃ)ৰ মানৱ দেউৰী ওৰফে মণিৰাম অসম আৰু পি এল এ’ৰ হীৰা সিং বুলি চিনাক্ত কৰিছিল।

নিৰাপত্তা বাহিনীসমূহে নামচাইত এজন সেনা নিহত হোৱা আক্ৰমণটোত কৰকম (CorCom) গোট জড়িত থকাৰ সন্দেহ কৰিছিল।

বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে শীৰ্ষ নেতৃত্বৰ হেঁচাত শেহতীয়াকৈ অসম-অৰুণাচল সীমান্তত বিদ্ৰোহী গোটসমূহৰ কাৰ্য্যকলাপৰ তীব্ৰতা বৃদ্ধি পাইছে।

এক সূত্ৰৰ খবৰ অনুসৰি, ‘বিমুদ্ৰাকৰণৰ পিছত ম্যানমাৰত বাহৰ পাতি থকা উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সকল ব্যাপক অৰ্থসংকটত ভুগিছে আৰু সেয়ে তেওঁলোকৰ শীৰ্ষ নেতৃত্বই অসম আৰু অৰুণাচলত ব্যাপক কূটাঘাতেৰে যিমান পাৰি ধন সংগ্ৰহৰ নিৰ্দেশ জাৰি কৰিছে।’

২০১৫ চনৰ ৬ এপ্ৰিলত গঠিত হোৱা এন এচ চি এন (ৰিফৰমে’চন) এন এচ চি এনৰ পাঁচটা ফৈদৰ এটা।

অন্য ফৈদসমূহ হ’ল এন এচ চি এন (আই এম), এন এচ চি এন (খাপলাং), এন এচ চি এন (য়ু) আৰু এন এচ চি এন (কে’ কে’)।

ভাৰতৰ উত্তৰ-পূব আৰু ম্যানমাৰৰ নাগা অধ্যূষিত অঞ্চলসমূহ সামৰি স্বাধীন নাগা ৰাষ্ট্ৰ ‘নাগালিম’ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৮০ চনৰ ৩১ জানুৱাৰিত মূল এন এচ চি এন গঠিত হৈছিল।