• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ নামনিৰ প্ৰস্তাৱিত নদীবান্ধৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2018 6:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে (এনজিটি) অৰুণাচলৰ নামনিত নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত নদীবান্ধটোৰ পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে বিজ্ঞানসন্মত অধ্যয়নৰ নিৰ্দেশ দিছে।

কলকাতাস্থিত ন্যায়াধীকৰণৰ পূব মণ্ডল খণ্ডপীঠে ২০১৭ ৰ ৩০ এপ্ৰিলত গুৱাহাটীৰ এগৰাকী জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞা আৰু বন্যপ্ৰাণী বিষয়ক আলোকচিত্ৰ শিল্পী জয়দীপ ভূঞাই দাখিল কৰা এখন আৱেদনৰ ভিত্তিত কেন্দ্ৰীয় শক্তি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ লগতে অৰুণাচল প্ৰদেশ, অসম তথা ব্ৰহ্মপুত্ৰ বোৰ্ডক যোৱা ৬ মে’ তাৰিখে জাননী জাৰি কৰিছিল।

আবেদনখনত অৰুণাচলৰ নদীসমূহত প্ৰস্তাৱিত ১৩৫ নদীবান্ধৰ নামনিৰ বিশেষকৈ অসমৰ অঞ্চলসমূহৰ পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি ন্যায়াধীকৰণৰ হস্তক্ষেপ বিচৰা হৈছিল। এই নিৰ্দেশৰ প্ৰতিলিপি আজিৰ টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছে।

আৱেদনকাৰীয়ে আৱেদনত উল্লেখ কৰিছিল যে নিৰ্মাণ কৰিবলগীয়া ১৩৫ টা জলবিদ্যুৎ প্ৰকল্প অৰুণাচলৰ সাতখন প্ৰধান নৈ দিবং, ছিয়াং, লোহিত, টাৱাং, সোৱণশিৰি, কামেং আৰু টিৰাপৰ অৱবাহিকা অঞ্চলত স্থাপন কৰিব বিচাৰিছিল। তেওঁলোকে উনুকিয়াই দিছিল যে ইমানবোৰ প্ৰকল্পৰ নিৰ্মাণে নদীসমূহৰ স্বাভাৱিক গতি বাধা প্ৰাপ্ত কৰি তুলিব আৰু ফলস্বৰূপে পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তনৰ দিশত জটিল সমস্যাৰ সৃষ্টি কৰিব যিয়ে নেকি নামনি অঞ্চলত বাস কৰা লোকসকলৰ লগতে জৈৱ বৈচিত্ৰৰ প্ৰতিও তীব্ৰ সংকট কঢ়িয়াই আনিব।

‘’ জলবিদ্যুৎ উৎপাদন কৰিবলগীয়া প্ৰকল্পবোৰে নদীবোৰৰ বান্ধবোৰত ২০ ঘন্টাকৈ পানী আৱদ্ধ কৰি ৰাখিব আৰু বিদ্যুৎ উৎপাদনৰ বাবে গোটেই পানীখিনি ৪ ঘন্টাৰ ভিতৰতে মুকলি কৰি দিব। হঠাতে ইমান বৃহৎ পৰিমাণৰ পানী এৰি দিয়াৰ ফলত নামনিত বসবাস কৰি থকা অসমৰ লোকসকলকে ধৰি নামনি অঞ্চলত ব্যাপক প্ৰভাৱ পৰিব,’’- আৱেদনখনত কোৱা হৈছিল।

সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশটোত সংশ্লিষ্ট পক্ষক ‘’ অৰুণাচল প্ৰদেশত ইমানবোৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ ফলত পানীৰ উৎস, জৈৱ বৈচিত্ৰ আৰু নামনিৰ সামাজিক-প্ৰাকৃতিক প্ৰভাৱৰ বিষয়ে সাঙুৰি পৰিৱেশৰ ওপৰত পৰিবলগীয়া সামগ্ৰিক প্ৰভাৱৰ বিষয়ে বিজ্ঞানসন্মত অধ্যয়নৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ কোৱা হৈছে।‘’

খণ্ডপীঠে সংশ্লিষ্ট পক্ষক তেওঁলোকৰ উত্তৰ ৬ সপ্তাহৰ ভিতৰত দিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীকৰণে লগতে অৰুণাচল প্ৰদেশত নিৰ্মাণৰ প্ৰস্তাৱ ৰখা আৰু অনুমোদন জনোৱা জল বিদ্যুৎ প্ৰকল্পসমূহৰ বিশদ তথ্যৰ লগতে চাৰিঘন্টীয়া পানী মুকলি কৰি দিয়া বিষয়টো সামৰি শেহতীয়া স্থিতিৰ প্ৰতিবেদন দাঙি ধৰিবলৈ নিৰ্দেশ দিছিল।

অসম-অৰুণাচল সীমান্তত ২০০০ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ যিসময়ত পানা ঘোলা হৈছে সেই সময়তে এই নিৰ্দেশটো আহিছে। উক্ত প্ৰকল্পটো প্ৰতিবাদী আন্দোলনৰ ফলত ২০১১ চনৰ ডিচেম্বৰৰ পৰাই বন্ধ হৈ আছে। প্ৰকল্পটোৰ প্ৰস্তাৱিত ব্যয় ২০০৩ ত অনুমোদন দিয়া ৬,২৮৫ কোটিৰ পৰা গৈ এতিয়া ১৫,৮৯৪ কোটিলৈ বৃদ্ধি পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd