অৰুণাচল প্ৰদেশৰ তথাকথিত অস্তিত্বক আমি কেতিয়াও স্বীকাৰ কৰা নাই : চীন

চীন ভাৰত

সীমান্ত পাৰ হৈ অৰুণাচল প্ৰদেশত চীনা সৈন্যই প্ৰৱেশ কৰা বাতৰি সন্দৰ্ভত মৌনতা অৱলম্বন কৰি অহা চীনে আজি কয় যে ই অৰুণাচল প্ৰদেশৰ অস্তিত্বক ‘কেতিয়াও স্বীকাৰ কৰা নাই’।

আপাৰ চিয়াং জিলাৰ এখন গাঁৱৰ প্ৰায় ২০০ মিটাৰ দূৰত্বলৈকে ভাৰতৰ মাটিত চীনা সৈন্য প্ৰৱেশ কৰা বুলি প্ৰকাশিত বাতৰিৰ পিছতে চীনা বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ গেং চুৱাঙে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সংবাদ মাধ্যমক গেঙে কয়, ‘প্ৰথম কথা সীমান্ত সমস্যা সন্দৰ্ভত আমাৰ স্থিতি স্পষ্ট আৰু অপৰিৱৰ্তিত। আমি অৰুণাচল প্ৰদেশ নামৰ তথাকথিত অস্তিত্বক কেতিয়াও স্বীকাৰ কৰা নাই।’

গেঙে কয়, ‘আপোনালোকে উল্লেখ কৰা বিশেষ ঘটনাটোৰ বিষয়ে মই অৱগত নহয়।’ চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংশ হিচাপে দাবী কৰি আহিছে। ভাৰত-চীন সীমা বিবাদ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা ( Line of Actual Control)ৰ ৩৪৮৮ কি. মি. দৈৰ্ঘজুৰি বিস্তৃত হৈ আছে। প্ৰকাশিত বাতৰিটো অনুসৰি নিৰ্মাণ যন্ত্ৰপাতি লৈ ভাৰতত যোৱা মাহত প্ৰৱেশ কৰা চীনা সৈন্যক ভাৰতীয় সৈন্যই বাধা দিয়ে। জানিব পৰা মতে চীনা সৈন্যই লগত অনা নিৰ্মাণ যন্ত্ৰপাতি সমূহ ভাৰতৰ মাটিতে এৰি থৈ যায়।

মুখপাত্ৰজনে লগতে কয়, ‘মই উল্লেখ কৰিব খোজো যে ভাৰত আৰু চীনৰ মাজত সীমাজনিত বিষয় সমূহৰ বাবে এক সু-বিকশিত কাৰ্য প্ৰণালী আছে। চীন আৰু ভাৰতে এই কাৰ্য প্ৰণালীৰ জৰিয়তেই সীমাজনিত বিষয় সমূহৰ ব্যৱস্থাপনা কৰিব পাৰে। সীমান্তত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰাখিব পৰাটো চীন আৰু ভাৰত উভয় পক্ষৰ বাবে সুবিধাজনক।’

দোকালামৰ দৰে পৰিস্থিতি পুনৰ সৃষ্টি হ’ব পাৰে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত গেঙে কয়, ‘যোৱা বছৰৰ অচলাৱস্থাৰ সঠিকভাৱে সমাধান কৰা হৈছে।’

বাতৰিটোত প্ৰকাশ পোৱা অনুযায়ী যোৱা ২২ ডিচেম্বৰত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল আৰু চীনা প্ৰতিনিধি য়াং জিয়েচিৰ মাজত হোৱা ২০ সংখ্যক সীমান্ত আলোচনাৰ সময়তে চীনা সৈন্যই অৰুণাচল প্ৰদেশত অনুপ্ৰৱেশ কৰিছিল।

ভূটানে দাবী কৰা এটা অঞ্চলত চীনৰ পিপ’লচ লিবাৰেচন আৰ্মিয়ে এটা ৰাস্তা বান্ধিবলৈ লোৱাৰ পিছতে যোৱা ১৬ জুনত দোকালাম অচলাৱস্থাৰ সৃষ্টি হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে ভাৰতক সংযুক্ত কৰা চিকেন নেক ৰূপে জনাজাত ঠেক অঞ্চলটোৰ প্ৰতি ই নিৰাপত্তাজনিত ভাবুকি কঢ়িয়াই অনা বুলি দাবী কৰি ভাৰতীয় সৈন্যই এই নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ বাবে হস্তক্ষেপ কৰিছিল। ২৮ আগষ্টত হোৱা পাৰস্পৰিক বুজাবুজিৰ পিছত চীনে পথ নিৰ্মাণ বন্ধ কৰিছিল আৰু ভাৰতে ইয়াৰ সেনা বাহিনী উক্ত স্থানৰ পৰা অপসাৰণ কৰিছিল।