• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচল প্ৰদেশৰ লিকাঙত কেইবাহাজাৰে বিজেপিৰ পৰা যোগদান কৰিলে কংগ্ৰেছত

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
February 16, 2018 11:25 pm
APCC-president-Takam-Sanjoy-570x320
111
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লিকাং বিধানসভা সমষ্টিৰ কেইবাহাজাৰ পুৰুষ-মহিলা আজি কংগ্ৰেছ দলত যোগদান কৰে। অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতি টাকাম সঞ্জয়ে ইয়াক ৰাজ্যখনৰ মংগলৰ বাবে গণজাগৰণ আখ্যা দিছে। তেওঁ ইয়াক বিকাশৰ বাবে ঐক্যবদ্ধ স্থিতি বুলিও অভিহিত কৰে।

তেওঁ কয় যে ইয়াৰ মানুহবোৰ, বিশেষকৈ যুৱচাম যথেষ্ট পৰিশ্ৰমী হোৱা সত্ত্বেও স্থানীয় নেতাজনে কেইবাবাৰো জয়ী হৈয়ো তেওঁৰ ভোটাৰসকলৰ বাবে একো নকৰিলে। ভোটাৰসকলক তেওঁলোকৰ দুৰৱস্থাৰ মাজত বাস কৰিবলৈ তেওঁ বাধ্য কৰিছে। এইদৰে কয় সঞ্জয়ে।

‘আপোনালোকে আপোনালোকৰ অধিকাৰ পাবৰ বাবে ন্যায়সংগত বিদ্ৰোহ কৰিছে।’ তেওঁ কয়।

তেওঁ ৱ’মেন ইনটেৰিম গ্ৰুপ প্ৰেছিডেণ্ট লোকেশ্বৰী মিলি(টায়ে) আৰু প্ৰাক্তন মন্ত্ৰী বিদা টাকোৰ উদ্বৃতি দি কয় যে লিকাং আৰু মহাদেৱপুৰৰ বাবে নিৰ্ধাৰিত পুঁজি অন্যফালে লৈ যোৱা হৈছে।

তেওঁ কংগ্ৰেছত যোগদান কৰা পুৰুষ-মহিলাসকলক সম্বুধি কয়, ‘কংগ্ৰেছ দল আপোনালোকৰ কাষত থিয় দিবৰ বাবে সাজু, আপোনালোক সাজু নে?’ তেওঁ সকলো পুৰুষ-মহিলাক ঐক্যবদ্ধভাৱে থিয় হ’ব লাগিব বুলি কৈ কয় যে কংগ্ৰেছে একতাৰে বন্ধা তথা সংহতিৰ আদৰ্শ স্থাপন কৰা সমাজখন বিজেপিয়ে ভাঙি থান-বান কৰিছে। কংগ্ৰেছে গান্ধীৰ অহিংসাৰ আন্দোলনত বিশ্বাস কৰে, কিন্তু বিজেপিয়ে গান্ধীৰ হত্যাকাৰী নাথুৰামক চেলুট মাৰে।

 

নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদিকা জাৰজুম ইতে, অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নুনেই তায়াঙে কয় যে ৰাজ্যখনৰ প্ৰথমজন সাংসদ চৌখাম গোহাঁইকে ধৰি কংগ্ৰেছে লিকাংবাসীক বহুত দিলে। কিন্তু তেওঁলোকৰ দল ত্যাগ আছিল অতি অবিশ্বাস্য। এতিয়া তেওঁলোকৰ দলটোলৈ পুনৰ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত আদৰণীয় আৰু ইয়াক ঘৰ ৱাপচি বুলিব পাৰি। বিজেপি যে দুখীয়া আৰু পিছপৰাসকলৰ শোষণকাৰী সেয়া প্ৰমাণিত হ’ল। তেওঁ কয়।

উল্লেখযোগ্য যে লিকাঙৰ অধীনত সিতাপুৰি, ইৰালনি, কোপাটনি, উইচালি, কৃষ্ণপুৰ, কালগুডি, মাহালনি, ধৰমপুৰ, মহাদেৱপুৰ ১ ৰ পৰা মহাদেৱপুৰ ৫ আদি। ‘আমি মৰাণ, দেউৰী, মিচিং/মিৰি, আদিবাসী, মটক/মৰাণ, কচাৰী, সোণোৱাল, আহোম আৰু নেপালী সকলোৱে ইতিহাসে ঢুকি নোপোৱাৰ দিনৰ পৰা একেলগে বাস কৰি আহিছো। কিন্তু আমাৰ কোনো ভুল নোহোৱা সত্ত্বেও আমি আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত। আমাৰ কোনো ভূমিৰ অধিকাৰ নাই। আনকি ৰাজ্য চৰকাৰৰ অধীনত চাকৰি কৰাসকলে পেন্সন নাপাই।’ তেওঁলোকৰ মাজৰে কেইজনমানে এইদৰে কয়।

Recent News

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd