DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ ৯ খন চৰকাৰী চিকিৎসালয়ক ‘ই চিকিৎসালয়’লৈ উন্নীতকৰণ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 4, 2018 7:24 pm
Union Minister Ravi Sankar Prasad
73
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় যোগাযোগ আৰু তথ্য প্ৰযুক্তি আৰু আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে অৰুণাচল প্ৰদেশৰ ৯ খন চৰকাৰী চিকিৎসালয়ক ‘ই চিকিৎসালয়’ লৈ উন্নীতকৰণ কৰিব বুলি শণিবাৰে ঘোষণা কৰে। লগতে ঘোষণা কৰে যে ইটানগৰত এটা পূৰ্ণবৰ্ধিত নেশ্যনেল ইনষ্টিটিউট অৱ ইলেকট্ৰনিকছ এণ্ড ইনফৰমেশ্যন টেকন’লজী কেন্দ্ৰ স্থাপন কৰিব।

এই ঘোষণা কৰি প্ৰসাদে কয় যে সমগ্ৰ ৰাষ্ট্ৰত ২০০ খন চিকিৎসালয় ‘ই চিকিৎসালয়’ লৈ পৰিণিত কৰি থকা হৈছে। তদুপৰি অৰুণাচলৰো ৯ খন চিকিৎসালয়ক ‘ই চিকিৎসালয়’ লৈ পৰিণিত কৰি তোলাৰ বাবে কেন্দ্ৰই সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে।

ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ(এন আই চি)ক এই সন্দৰ্ভত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায়-সহযোগিতা কৰিবলৈ অনুৰোধ জনায়।

প্ৰসাদে ৰাজ্যখনৰ সকলো দুখীয়া স্তৰৰে লোকৰ জীৱন-ধাৰণ প্ৰণালী সলনি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে উত্তৰ-পূবক সকলো ফালৰ পৰা সৰ্বাংগীন কৰি তুলিবলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহৰহ প্ৰচেষ্টা কৰি আছে কিয়নো উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ উন্নয়ন অবিহনে দেশৰ উন্নয়ন অসম্ভৱ।

উল্লেখ্য যে অৰুণাচলৰ গাওঁ পঞ্চায়ত সমূহত আৰু অধিক সমূহীয়া সেৱা কেন্দ্ৰ স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰক অনুৰোধ জনায়।

যদিহে সকলো গাওঁ পঞ্চায়ততে সমূহীয়া সেৱা কেন্দ্ৰ স্থাপন হয় তেন্তে সেই অঞ্চলৰ লোকসকলে সকলো ধৰণৰ চৰকাৰী সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰি গোটেই দেশত এই পৰ্যন্ত ১০ লাখ লোক সমূহীয়া সেৱা কেন্দ্ৰৰ অধীনত কৰ্মস্থান পাবলৈ সক্ষম হৈছে আৰু ইয়াৰে ৪৫ হেজাৰ কৰ্মচাৰী মহিলা।

‘আমি অৰুণাচল প্ৰদেশৰ বাবে এটা বিপিঅ’ (বিজনেছ প্ৰচেছ আউটছ’ৰচিং) আৱণ্টন দিছো। ৰাজ্যখনত এই সন্দৰ্ভত অধিক ক্ষমতা আছে সেয়েহে আমি ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো’, কেন্দ্ৰীয় মন্ত্ৰী প্ৰসাদে এইদৰে কয়।

ইয়াৰ উপৰি ৰাজ্যখনত ডিজিটেল সংযোগ অধিক শক্তিশালী কৰিবলৈ কেন্দ্ৰই সকলো সহায় কৰিব বুলি প্ৰসাদে আশ্বাস প্ৰদান কৰে।

ইটানগৰত ছফট’ৱেৰ টেকন’লজী পাৰ্ক অৱ ইণ্ডিয়াৰ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সকলোবোৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd