DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ দুটা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

এন ই নাও নিউজ ব্যুৰো, ইটানগৰ : by এন ই নাও নিউজ ব্যুৰো, ইটানগৰ :
November 24, 2017 11:58 am
অৰুণাচল প্ৰদেশৰ দুটা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

প্ৰতিনিধিত্বমূলক ছবি

114
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ পাকী-কাচাং (এছ টি) আৰু লিকাবালি (এছ টি) বিধান সভা আসনৰ বাবে হ’ব লগীয়া উপ-নিৰ্বাচন অহা ডিচেম্বৰৰ ২১ তাৰিখে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ উক্ত সমষ্টি দুটাৰ লগতে তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰো উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে। নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে উপ-নিৰ্বাচন সম্পন্ন হ’ব লগীয়া সমষ্টিকেইটাৰ জিলাকেইখনত তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ আৰ্হি আচৰণ বিধি কাৰ্য্যকৰী হ’ব। ২১ ডিচেম্বৰত অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ২৪ ডিচেম্বৰত ঘোষণা কৰা হ’ব। ইয়াৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ধাৰ্য্য কৰা হৈছে ৪ ডিচেম্বৰ। নিৰ্বাচন আয়োগে উক্ত উপ-নিৰ্বাচনত ই ভি এম আৰু ভি ভি পি এ টি ব্যৱহাৰ হ’ব বুলি জনাইছে। তাৰ বাবে পৰ্য্যাপ্ত সংখ্যক ই ভি এম আৰু ভি ভি পি এ টিৰ ব্যৱস্থা কৰা হৈছে আৰু নিৰ্বাচন যাতে সুকলমে সম্পন্ন হৈ যায় তাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে। লগতে নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে ভোটদানৰ সময়ত ভোটাৰৰ ফটো পৰিচয় পত্ৰ থকাটো পূৰ্বৰ দৰেই বাধ্যতামূলক থাকিব। ভোটাৰৰ পৰিচয়ৰ ক্ষেত্ৰত ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ প্ৰধান ডকুমেণ্ট হ’ব বুলি কয়। অৱশ্যে ঘোষণাটোত লগতে কোৱা হয় যে ভোটাৰ তালিকাত নাম থকা কোনো যাতে ভোটদানৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ ৰখা হ’ব আৰু ভোটাৰৰ পৰিচয় নিশ্চিতকৰণৰ বাবে ওপৰঞ্চি কি কি ডকুমেণ্ট গ্ৰহণযোগ্য বিবেচনা কৰা হ’ব সেই বিষয়ে নিৰ্দেশনা জাৰি কৰা হ’ব।

Recent News

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd