• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল বিধানসভাত গৃহীত হ’ল ভূমি নিষ্পত্তি আৰু নথি সংশোধনী বিধেয়ক ২০১৮

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
March 14, 2018 1:56 pm
arunachal legislative assembly
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল বিধানসভাত গৃহীত হ’ল ভূমি নিষ্পত্তি আৰু নথি সংশোধনী বিধেয়ক ২০১৮। এই বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ লগে লগে ৰাজ্যখনৰ ভূমি অধিকাৰ প্ৰমাণপত্ৰ (এল পি চি) থকা সম্প্ৰদায় আৰু খেলসমূহ সহ স্থানীয় জনজাতীয় বাসিন্দাই মালিকীস্বত্ব লাভ কৰিব।

ৰাজ্যিক বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ প্ৰথম দিনা এই বিধেয়কখন উত্থাপন কৰিছিল ভূমি ব্যৱস্থাপনা মন্ত্ৰী নাবাম ৰেবিয়াই। সোমবাৰে বিধানসভাত এই বিধেয়কখন  মৌখিক ভোটত গৃহীত হয়।

Apply Now

উল্লেখযোগ্য যে আজিকোপতি স্বাধীনতাৰ ৭০ বছৰ পিছতো অৰুণাচলৰ ভূমি প্ৰচলিত নিয়মৰ মাজেৰে দখল কৰি অহা হৈছিল আৰু জনসাধাৰণক ইয়াৰ কোনো নথি প্ৰদান কৰা হোৱা নাছিল। গৰাকিত্বৰ নথি অবিহনে এই ভূমি বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানক বন্ধকত দি ঋণ লোৱাৰ কোনো উপায় নাছিল। তাৰোপৰি কৃষকসকলে দীৰ্ঘম্যাদী ভিত্তিত ভূমি লীজত দিব পৰা নাছিল আৰু ভূমিৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত বিপত্তিৰ মুখামুখি হ’বলগীয়া হৈছিল।

এই বিষয়টো অধ্যয়ন কৰি মুখ্য মন্ত্ৰী পেমা খান্দুৱে স্থানীয় লোকৰ স্বাৰ্থত ভূমি মন্ত্ৰীৰ সভাপতিত্বত চাৰিজন কেবিনেট মন্ত্ৰী আৰু বিষয়াৰে গঠিত এখন উচ্চ-স্তৰীয় কমিটী গঠন কৰি ভূমি সন্দৰ্ভত কমিটীখনৰ পৰামৰ্শ বিচাৰে। ইটানগৰত অনুষ্ঠিত এখন ৰাজ্যিক পৰ্যায়ৰ বৈঠকত স্থানীয় আৰু আন ৰাজ্যৰ পৰা নিমন্ত্ৰিত ভূমি আৰু ভূমি আইনৰ বিশেষজ্ঞসকলক নিমন্ত্ৰণ কৰি আনি বিভিন্ন প্ৰতিনিধি গোটৰ সৈতে আলোচনা কৰা হয়। সংশ্লিষ্ট ব্যক্তিসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি তাৰ ভিত্তিত বিধেয়কখন প্ৰস্তুত কৰি সদনত উত্থাপন কৰাৰ পিছত গৃহীত কৰা হয়।

এই আইনখনে নাগৰিকসকলৰ, বিশেষকৈ স্থানীয় লোকৰ মালিকীস্বত্বক স্বীকৃতি প্ৰদান কৰিব। এই আইনখনে ভমিৰ গৰাকীক নিজৰ মাটি  ৩৩ বছৰ পৰ্যন্ত আৰু তাৰ পিছত আৰু ৩৩ বছৰৰ বাবে, মুঠ ৬৬ বছৰৰ বাবে দীৰ্ঘম্যাদী লীজত দিয়াৰ অধিকাৰ প্ৰদান কৰিব। এই আইন প্ৰণয়ন হোৱাৰ ফলত বাহিৰৰ পৰা বিপুল পৰিমাণৰ বিনিয়োগকাৰী ৰাজ্যখনলৈ আহি ইয়াৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰাৰ বাট মুকলি হ’ল।

ইয়াৰ ফলত বেংকৰ পৰা ঋণ লোৱাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া এটা আৰম্ভ হ’ল।  এই আইনৰ জৰিয়তে বন্ধকীৰ ওপৰত আৰোপিত কৰ ৩ শতাংশৰ পৰা ১ শতাংশলৈকে হ্ৰাস কৰা হৈছে যাৰ বাবে থলুৱা লোকসকল উপকৃত হ’ব।

বেংকৰ পৰা ঋণ গ্ৰহণৰ আইনগত সুযোগ লাভ কৰাৰ ফলত স্থানীয় লোকসকল অধিক সুতত টকা ধাৰলৈ দিয়া সকলৰ পৰা ৰক্ষা পৰিব। অৰুণাচল বিধানসভাত ইতিমধ্যে অৰুণাচল প্ৰদেশ ধন ঋণ বিধেয়ক : ২০১৮ নামৰ বিধেয়ক এখন উত্থাপন কৰা হৈছে আৰু চলিত বিধানসভা অধিৱেশনতেই ইয়াক গৃহীত কৰা হ’ব।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd