অৱশেষত ত্ৰিপুৰা নিৰ্বাচনৰ বাবে কংগ্ৰেছে মুকলি কৰিলে নিৰ্বাচনী ঘোষণা পত্ৰ  

Representative image

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনলৈ মাত্ৰ পাঁচদিন সময় বাকী থকা অৱস্থাত ৰাজ্যখনত শলঠেকত পৰা কংগ্ৰেছ দলে অৱশেষত সোমবাৰে ৰাইজৰ আগত প্ৰকাশ কৰি উলিয়ালে তেওঁলোকৰ নিৰ্বাচনী ঘোষণা পত্ৰ ।

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা নিৰ্বাচনী ঘোষণাপত্ৰ মুকলি অনুষ্ঠানত পণ্ডিচেৰীৰ মুখ্য মন্ত্ৰী ভি নাৰায়নস্বামী উপস্থিত থাকে। নাৰায়নস্বামীয়ে মুকলি অনুষ্ঠানত কয় যে কংগ্ৰেছে চৰকাৰ দখল কৰিলে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন, শান্তি, নিৱনুৱা সংস্থাপন আৰু স্বাস্থ্য খণ্ডৰ যথেষ্ট উন্নয়ন সাধন কৰাৰ হকে কাম কৰিব।

কংগ্ৰেছে প্ৰকাশ কৰা ঘোষণা পত্ৰত মূলতঃ বাওঁ পন্থী দল চিপিআই(এম)ক সমালোচনা কৰা দেখা গৈছে। বিভিন্ন সময়ত চিপিআই(এম)য়ে তেওঁলোকৰ সময়ৰ শাসন কালক স্বৰ্ণযুগ বুলি দাবী কৰি অহা কাৰ্যক কংগ্ৰেছে সমালোচনা কৰাও দেখা যায়। লগতে মানিক সৰকাৰৰ নেতৃত্বত চলি অহা চৰকাৰখন আটাইতকৈ বিফল চৰকাৰ বুলি উল্লেখ কৰে ঘোষণা পত্ৰখনত।

উল্লেখ্য যে চিপিআই(এম)ক সমালোচনা কৰাৰ উপৰি বিজেপিৰ আচ্ছে দিন প্ৰসংগতো কংগ্ৰেছে কটাক্ষ কৰা দেখা যায় ঘোষণা পত্ৰৰ জৰিয়তে। বিজেপিয়ে দেশখনৰ সৰ্বসাধাৰণ ৰাইজক কেবল ভূৱা প্ৰতিশ্ৰুতিৰে মূৰ্খ সজাই আছে সেয়েহে সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত তথা ৰাজ্যখনৰ শিক্ষিত নিৱনুৱা সকলৰ ভৱিষৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্যবাসীক কংগ্ৰেছত ভোটদান কৰিবলৈ আহ্বান জনায়।

তাৰোপৰি নাৰায়নস্বামীয়ে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে ধন আৰু বাহুবল প্ৰয়োগ কৰি বিজেপিয়ে ত্ৰিপুৰা নিৰ্বাচনত ক্ষমতা দখলৰ চেষ্টা চলাব।

আনহাতে তিপ্ৰালেণ্ডৰ দাবী উত্থাপন কৰি অহা ইন্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা(আইপিএফটি)ৰ সৈতে বিজেপিয়ে প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰা সন্দৰ্ভত কংগ্ৰেছে স্পষ্টকে কয় যে আমি ৰাজ্য বিভাজনৰ পক্ষত নাই।