আইজলত মিজোসকলৰ আন্তঃজাতিক সাংস্কতিক মহোৎসৱ আৰম্ভ

cultural-festival-570x320

আজিৰে পৰা মিজোৰামৰ ৰাজধানী আইজলৰ আৰ ডেংথুৱামা হলত মিজোসকলৰ সাংস্কৃতিক মহোৎসৱ আৰম্ভ হৈছে। ‘মিজো নাহথলাক আন্তঃজাতিক সাংস্কৃতিক মহোৎসৱ (Mizo Hnahthlak International Cultural Festival) নামৰ  ৰাজ্যিক আৰু আন্তঃজাতিক সীমাই বিভাজিত কৰা মিজোসকলৰ প্ৰথম সাংস্কৃতিক মহোৎসৱ আৰম্ভ হয়। এই মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য মন্ত্ৰী লাল থানহাওলা।

মিজোৰামৰ গৃহ মন্ত্ৰী আৰ লালজিৰলিয়ানা, কলা আৰু সংস্কৃতি মন্ত্ৰী আৰ ৰোমাৱিয়া আৰু এন এল ইউ পি বাস্তৱায়ন বৰ্ডৰ অধ্যক্ষ জে এইচ্ছ ৰোথুৱামা উপস্থিত আছিল।

‘‘যদিও ৰাজ্যিক আৰু আন্তৰ্জাতিক সীমাৰে বিভক্ত, তথাপি মিজোসকলৰ চহকী সংস্কৃতিয়ে অন্তৰেৰে আমাক একত্ৰিত কৰি ৰাখিছে। আমাৰ সংস্কৃতিৰ মাজেৰে আমি মিজো জাতীয়তাবাদৰ আত্মা জীয়াই ৰাখিব লাগিব।’’ লাল থানহাৱালাই কয়।

উল্লেখ্য যে এই মহোৎসৱত মিজোসকলৰ সকলোকেইটা জনগোষ্ঠী আৰু উপ-জনগোষ্ঠীয়ে যোগ দান কৰি তেওঁলোকৰ বৈচিত্ৰময় সংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰিছিল।

মিজোৰামৰ গৃহ মন্ত্ৰী আৰ লালজিৰলিয়ানাই কৈছে যে বৃটিছসকলে অঞ্চলটোৰ সীমা নিৰ্ধাৰিত কৰি মিজোসকলৰ বাসভূমি ভাগ কৰি পেলাইছে। ‘‘আমি মিজোক ৰক্ষণাৱেক্ষণ দিবলৈ হ’লে আমি সাংস্কৃতিকভাৱে একত্ৰিত হ’ব লাগিব। আমাৰ সংস্কৃতিৰ ক্ষতি কৰিব পৰা বাহিৰা উপাদানৰ বিৰুদ্ধে আমি সাংস্কৃতিকভাৱে একত্ৰিত হ’ব লাগিব।

চুবুৰীয়া ৰাজ্য অসম, মণিপুৰ, ত্ৰিপুৰা আদিৰ পৰা সাংস্কৃতিক প্ৰতিনিধিৰ দল আহি তেওঁলোকৰ উপ-জনজাতীয় বৈচিত্ৰময় সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰিছিল।মিজোসকলৰ এই সাংস্কৃতিক মহোৎসৱলৈ ম্যানমাৰ আৰু বাংলাদেশৰ পৰাও সাংস্কৃতিক দল আহি অংশগ্ৰহণ কৰিছিল।