আই এছ এলৰ খেলত উত্তৰ-পূবৰ ছোৱালীক দুৰ্ব্যৱহাৰৰ অভিযোগ

চেন্নইত অনুষ্ঠিত আই এছ এল খেলৰ গেলাৰিৰ এটা দৃশ্য।

উত্তৰ-পূবৰ লোকৰ প্ৰতি ভাৰতৰ আন অংশৰ মানুহৰ মনোভাব তথা আচৰণৰ পৰিৱৰ্তন সহজে নহয়। এয়া আকৌ প্ৰমাণিত হ’ল কালি চেন্নাইত অনুষ্ঠিত চেন্নাই আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ মাজৰ আই এছ এলৰ এখন খেলত। তাত দৰ্শক হিচাপে উপস্থিত থকা উত্তৰ-পূবৰ ছোৱালীক স্থানীয় যুৱকৰ দলে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ পোৱা গৈছে। খবৰমতে খেল চলি থকাৰ মাজতে গেলাৰিৰ পৰা নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰতি নিজৰ সমৰ্থন প্ৰকাশ কৰা কেইবাগৰাকী ছোৱালীক স্থানীয় যুৱক কিছুমানে দুৰ্ব্যৱহাৰ কৰে। ঘটনাৰ সময়ত তাত উপস্থিত থকা স্বাভি দৈমাৰীয়ে কয় যে তেওঁলোকে তেওঁলোকৰ সমৰ্থিত দলটোৰ বিপক্ষক সমৰ্থন কৰা বাবে ছোৱালীবোৰক জোকাব পাৰে। কিন্তু দুৰ্ব্যৱহাৰ কৰাটো সমৰ্থনযোগ্য নহয়। আনসকলেও প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে যুৱককেইজনৰ এই আচৰণৰ আমোদ লৈ আছিল। দৈমাৰীয়ে কয় যে যোৱা বছৰো তেওঁ আৰু তেওঁৰ দুজন বন্ধুক একেটা স্থানতে মাৰপিট কৰিছিল কিন্তু তেওঁলোকে সেয়া ৰাজহুৱা কৰা নাছিল।