চলিত ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ত অহা শুক্ৰবাৰে কোচিৰ জৱহাৰলাল নেহৰু আন্তঃজাতিক ষ্টেডিয়ামত নৰ্থ-ইষ্ট য়ুনাইটেডে কেৰালা ব্লাষ্টাৰ্ছৰ মুখামুখি হ’ব।ইতিমধ্যে ৪ পইণ্ট অৰ্জন কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে কেৰালাৰ বিৰুদ্ধে জয়ী হ’ব পাৰিব বুলি দলটোৰ প্ৰশিক্ষক জোআৱ দি দিউছ যথেষ্ট আত্মবিশ্বাসী। আনহাতে দুজনকৈ মুখ্য খেলুৱৈ ৱেছ ব্ৰাউন আৰু ইয়ান হিয়ুম আঘাতজনিত কাৰণত ভাগ ল’ব নোৱাৰাৰ ফলত কেৰালা ব্লাষ্টাৰ্ছক যথেষ্ট চাপত থকা পৰিলক্ষিত হৈছে। অৱশ্যে দলটোত চি কে ভিনিথৰ প্ৰত্যাৱৰ্তনে কিছু উৎসাহ যোগোৱা দেখা গৈছে। এতিয়ালৈকে এক পইণ্টো গোটাবলৈ সক্ষম নোহোৱা বাবে কেৰালা দলটো নিজ গৃহ খেলপথাৰত যথেষ্ট চাপত থাকিব বুলি মন্তব্য কৰি নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক জোআৱ দি দিউছে কয় ‘ই আমাৰ বাবে এক ভাল সুযোগ’। অানহাতে কেৰালা ব্লাষ্টাৰ্ছৰ প্ৰশিক্ষক মিউলেছটীনে নৰ্থ-ইষ্ট য়ুনাইটেড যথেষ্ট শক্তিশালী বুলি উল্লেথ কৰি কয় যে কাইলৈৰ খেলখন তেওঁলোকৰ বাবে যথেষ্ট প্ৰত্যাহবানপূৰ্ণ হ’ব।
আই এছ এল : শুক্ৰবাৰে নৰ্থ-ইষ্ট য়ুনাইটেড বনাম কেৰালা ব্লাষ্টাৰ্ছ
-
By NE NOW NEWS
Related Content
মৰ্মান্তিক! এটা মৃত মুৰ্গীৰ বাবেই প্ৰাণ গ’ল তিনি যুৱকৰ
By
এন ই নাও নিউজ
May 20, 2024 7:53 pm
অসমত দিনক দিনে বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা : স্বামীৰ চোকা অস্ত্ৰত প্ৰাণ গ’ল পত্নীৰ
By
এন ই নাও নিউজ
May 20, 2024 4:05 pm
২০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ"ক লৈ উখল-মাখল বোকাখাতৰ জাতীয় বিদ্যালয় বাকৰি
By
এন ই নাও নিউজ
May 20, 2024 2:59 pm
ভাৰতলৈ আহি সন্ধানহীন বাংলাদেশৰ সাংসদ; বিচাৰি ভাৰতত উপস্থিত পৰিয়ালৰ সদস্য
By
এন ই নাও নিউজ
May 20, 2024 2:07 pm
যাত্ৰীৰ অতিৰিক্ত ভিৰলৈ লক্ষ্য কৰি দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাচলৰ সময়সীমা বৃদ্ধি
By
এন ই নাও নিউজ
May 20, 2024 12:33 pm
হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু, প্ৰাণ গ’ল দেশৰ বৈদেশিক মন্ত্ৰীৰো
By
এন ই নাও নিউজ
May 20, 2024 11:05 am