আগন্তুক বাজেট অধিৱেশনৰ সময়তে অসম চৰকাৰৰ বিৰুদ্ধে গঢ়ি উঠিব বৃহৎ নদী বান্ধ বিৰোধী প্ৰতিবাদ

Lower Subansiri mega dam: NGT suggests to include independent members in expert committee

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদৰ ফাইল ছবি।

পৰিৱেশ আৰু বৃহৎ নদী বান্ধ বিৰোধী কৰ্মীসকলে এই বৰ্ষত বিজেপি নেতৃত্বৰ অসম চৰকাৰৰখনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰাৰ পৰিকল্পনা কৰিছে আৰু অহা ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক বাজেট অধিৱেশনৰ সময়টোকে তেওঁলোকে ইয়াৰ বাবে বাচি লৈছে।

বাজেট অধিৱেশনখন  প্ৰায় এমাহ ধৰি চলিব আৰু বৃহৎ নদী বান্ধ বিৰোধী কৰ্মীসকলে এই অধিৱেশনৰ সময়ছোৱাতে গুৱাহাটীত ধৰ্ণা তথা প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেচা দিয়াৰ পৰিকল্পনা কৰিছে।

‘’ যোৱা বছৰ আমি অতি আচৰিত হৈছিলো যেতিয়া অসমৰ সকলো ৰাজনৈতিক দলে ৰাজ্যখনত বৃহৎ নদীবান্ধৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছিল। এয়া বিশ্বাসঘাতকতা বুলি অনুভৱ কৰিছিলো কিয়নো ২০১৬ চনত ৰাজ্যখনৰ সকলো প্ৰধান ৰাজনৈতিক দলে কৈছিল যে তেওঁলোকে অঞ্চলটোত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিব আৰু স্থায়ী ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ প্ৰতিহে কেৱল সমৰ্থন দিব,’’- অঞ্চলটোত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি অহা এটা সংগঠন সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত গণ আন্দোলনৰ সৈতে জড়িত এগৰাকী সামাজিক কৰ্মী কেশৱ ছত্ৰধৰাই এইদৰে কয়।  

২০১৬ চনৰ অসমৰ বিধানসভাৰ নিৰ্বাচনৰ সময়লৈকে ৰাজ্যখনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো ৰাজনৈতিক দলে বৃহৎ নদী বান্ধ বিৰোধী ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ ইস্তাহাৰত সকলো ৰাজনৈতিক দলেই উল্লেখ কৰিছিল যে তেওঁলোকে ৰাজ্যখনত বৃহৎ জল বিদ্যুৎ প্ৰকল্পৰ ব্যাপক প্ৰভাৱৰ বিষয়ে চিন্তিত।

বিজেপিয়ে ইয়াৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে পৰিৱেশৰ ওপৰত কম প্ৰভাৱ পৰা ক্ষুদ্ৰ নদী বান্ধৰ প্ৰতি দৃষ্টি দিব। অগপ দলে কৈছিল যে তেওঁলোকে ক্ষুদ্ৰ বান্ধৰ প্ৰতি সমৰ্থন দিব।

কংগ্ৰেছ দলেও কৈছিল যে তেওঁলোকে পৰিৱেশৰ ক্ষতি কৰিব পৰা কোনো প্ৰকল্পক সমৰ্থন নকৰে।

অৱশ্যে সকলো ৰাজনৈতিক দলেই শীঘ্ৰেই তেওঁলোকৰ স্থিতিৰ পৰা আঁতৰি আহিল আৰু যোৱা বছৰ সকলো ৰাজনৈতিক দলেই বিদ্যুৎ আৰু বিকাশৰ দোহাই দি অঞ্চলটোত বৃহৎ জলবিদ্যুৎ প্ৰকল্পক সমৰ্থন জনালে।