আগৰতলা-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছত ৩৮ কেজি গাঞ্জা জব্দ

ganja

আজি পুৱা প্ৰায় ৭-০০ বজাত ২০৫০১ নং নামনিমুৱা আগৰতলা-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছৰ (20510 AGTL-ANVT RAJDHANI)  পৰা বৃহৎ পৰিমাণৰ চোৰাং গাঞ্জা জব্দ কৰা হয়। ৰেলৱে নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰা এই গাঞ্জাখিনৰ পৰিমাণ হৈছে প্ৰায় ৩৮ কেজি।

জানিব পৰা মতে আগৰতলাৰ পৰা আহি প্ৰায় ৭-০০ বজাত গুৱাহাটী ৰেলৱে ষ্টেশ্যনত উপস্থিত হোৱা ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীখনত ৰেল সুৰক্ষা কৰ্মী আৰু টিকট পৰীক্ষকৰ এটা দলে চলোৱা নিয়মিত পৰীক্ষাৰ সময়ত এই গাঞ্জাখিনি ধৰা পৰে। ৰাজধানী এক্সপ্ৰেছখনৰ দবা নং বি-৮ৰ বাৰ্থ নং ১৬ত ভ্ৰমণ কৰা সুবুৰাজ দেববৰ্মা (২৪) নামৰ যাত্ৰীজনৰ পৰা পৰা এই গাঞ্জাখিনি উদ্ধাৰ কৰা হয়।

সুবুৰাজ দেববৰ্মাৰ পিতৃৰ নাম হৈছে সুকুমাৰ দেববৰ্মা। ধৃত সুবুৰাজৰ ঘৰ হৈছে ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা জিলাৰ ছিধাই আৰক্ষী চকীৰ অন্তৰ্গত উৰাইবাৰী গাঁৱত। প্ৰাথমিক তদন্তৰ সময়ত লোকজনে স্বীকাৰ কৰিছে যে উক্ত গাঞ্জাখিনি তেওঁ আগৰতলাৰ পৰা লৈ আনিছিল আৰু কাটিহাৰত সেইখিনি পাওনা কৰাৰ কথা আছিল।

এই সম্পৰ্কে বিতং জনাৰ বাবে অনুসন্ধান চলাই থকা হৈছে।