• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগৰ বাৰৰ দৰেই আগন্তুক বাজেট ভেলকীবাজি আৰু চমকৰ বাজেট হোৱাৰ সন্দেহ প্ৰকাশ ৰিপুন বৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 10, 2018 8:46 pm
ৰিপুন বৰা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা ২০১৭-১৮ বৰ্ষৰ বাজেট কেৱল চমক সৃষ্টিকাৰী বাজেট আছিল। মূলতঃ কোনো আঁচনিৰে কাম এই পৰ্য্যন্ত সম্পূৰ্ণ নহ’ল।’

আজি দিল্লীৰ অসম সংবাদ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই মন্তব্য কৰে।

Apply Now

বাজেট দাখিলৰ বাবে মাজত এটা দিন থকা অৱস্থাতে পূৰ্বৰ বাজেট ৰূপায়ণত চৰকাৰখন বিফল বুলি মন্তব্য কৰি তেওঁ কয়, ‘’বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেটত উল্লেখ কৰা ১৮খন আঁচনিৰ নাম অষ্টাদশী মুকুতাৰ উন্নয়নী মালা ৰাখিছিল। কিন্তু সেই বাজেটত নিৰ্ধাৰিত আঁচনিসমূহৰ এখন আঁচনিৰো সফল ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা নাই অসম চৰকাৰ।‘’

তদুপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ আঁচনিখনৰ কথা উল্লেখ কৰি কয়, ‘’এই বাজেটত ৰাজ্যৰ এক লাখ যুৱকক উদ্যোগ-বাণিজ্যৰ বাবে ঋণ প্ৰদান, নতুন আত্মসহায়ক গোটৰ বাবে ১ লাখ তথা চলিত গোটৰ বাবে ২লাখ টকা প্ৰদান কৰাৰ কথা উল্লেখ আছিল। আঁচনিৰ নামত ৩০০ কোটি টকা ধন আবণ্টন কৰা হৈছিল। কিন্তু চৰকাৰে বৰ্তমান পৰ্যন্ত প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ।

আনহাতে তেওঁ বিজেপি চৰকাৰে দাখিল কৰা বাজেটৰ এখনৰো সঠিক ৰূপায়ণ কৰিব নোৱৰা বুলি মন্তব্য কৰি কয়, ‘’কনকলতা মহিলা সবলীকৰণ আঁচনিৰ বাবদ ২৫০ কোটি টকা, মধ্যাহ্ন ভোজনৰ বাবদ ৫০০ কোটি টকা, মূল্য স্থিৰকৰণ পুঁজিৰ বাবদ ৫০ কোটি টকা, ৩১খন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ নামত ১৫০ কোটি টকা নগৰ আন্তঃগাঁথনিৰ পুঁজিৰ বাবদ ১০০ কোটি টকা, দলং পকীকৰণৰ বাবদ ১৫০ কোটি, সকলোৰে বাবে আবাসগৃহ আঁচনিৰ নামত ১০০ কোটি আৰু দীনদয়াল উপাধ্যায় দিব্যাংগ আঁচনিৰ বাবদ ১০০ কোটি টকা ধাৰ্য্য কৰিছিল যদিও এখন আঁচনিৰো কাম সম্পূৰ্ণৰূপে ৰূপায়ণ নহ’ল।‘’

আনহাতে তেওঁ থলুৱা মাছৰ বাবে জীৱন বেংক, মুগা মিশ্যন, চাহ বাগিচাৰ গৰ্ভৱতী মহিলা কৰ্মী আৰু স্থায়ী কৰ্মীৰ বাবে মজুৰি আঁচনি আৰু শূন্য সুদত শস্য ঋণ আঁচনিৰ বাবদ বাজেটত কোনো ধনৰাশি আবণ্টন নকৰাৰ অভিযোগ তোলে।

ইয়াৰোপৰি সভাপতিগৰাকীয়ে বিজেপি চৰকাৰ কেৱল ভাষণতে চলি আছে বুলি কটাক্ষ কৰি কয় ‘’কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰদান কৰা ধনৰ পৰিমাণ পূৰ্বৰ তুলনাত নগণ্য। নিয়ম অনুসৰি প্ৰত্যেক বছৰে বাজেটত ধনৰ আবণ্টন বৃদ্ধিহে পাব লাগে।‘’

আনহাতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু লৈ থকা বুলি ইতিকিংসূচক মন্তব্য কৰি তেওঁ কয় ‘’জি এছটিৰ ফলত অসমে ৰাজহ হেৰুওৱাৰ পিছতো সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈকে দিল্লীত গৈ প্ৰতিবাদ কৰিব পৰা নাই কিয়?’’

সংবাদমেলৰ শেষৰ ফালে সভাপতিজনে অহা ১২ মাৰ্চত উত্থাপিত হ’ব লগীয়া বাজেটতো অসমবাসী ৰাইজৰ বাবে ঠগ-প্ৰৱঞ্চনাৰ বাদে একো নাথাকিব বুলি মন্তব্য কৰাৰ লগতে এইখন বাজেট ভেলকীবাজি আৰু চমকৰ বাজেট হ’ব বুলি সন্দেহ প্ৰকাশ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am
স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

June 30, 2026 7:34 am
শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd