• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আগৰ বাৰৰ দৰেই আগন্তুক বাজেট ভেলকীবাজি আৰু চমকৰ বাজেট হোৱাৰ সন্দেহ প্ৰকাশ ৰিপুন বৰাৰ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 10, 2018 8:46 pm

2 min read

ৰিপুন বৰা
106
VIEWS
Share on FacebookShare on Twitter

‘অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা ২০১৭-১৮ বৰ্ষৰ বাজেট কেৱল চমক সৃষ্টিকাৰী বাজেট আছিল। মূলতঃ কোনো আঁচনিৰে কাম এই পৰ্য্যন্ত সম্পূৰ্ণ নহ’ল।’

আজি দিল্লীৰ অসম সংবাদ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই মন্তব্য কৰে।

বাজেট দাখিলৰ বাবে মাজত এটা দিন থকা অৱস্থাতে পূৰ্বৰ বাজেট ৰূপায়ণত চৰকাৰখন বিফল বুলি মন্তব্য কৰি তেওঁ কয়, ‘’বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেটত উল্লেখ কৰা ১৮খন আঁচনিৰ নাম অষ্টাদশী মুকুতাৰ উন্নয়নী মালা ৰাখিছিল। কিন্তু সেই বাজেটত নিৰ্ধাৰিত আঁচনিসমূহৰ এখন আঁচনিৰো সফল ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা নাই অসম চৰকাৰ।‘’

তদুপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ আঁচনিখনৰ কথা উল্লেখ কৰি কয়, ‘’এই বাজেটত ৰাজ্যৰ এক লাখ যুৱকক উদ্যোগ-বাণিজ্যৰ বাবে ঋণ প্ৰদান, নতুন আত্মসহায়ক গোটৰ বাবে ১ লাখ তথা চলিত গোটৰ বাবে ২লাখ টকা প্ৰদান কৰাৰ কথা উল্লেখ আছিল। আঁচনিৰ নামত ৩০০ কোটি টকা ধন আবণ্টন কৰা হৈছিল। কিন্তু চৰকাৰে বৰ্তমান পৰ্যন্ত প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ।

আনহাতে তেওঁ বিজেপি চৰকাৰে দাখিল কৰা বাজেটৰ এখনৰো সঠিক ৰূপায়ণ কৰিব নোৱৰা বুলি মন্তব্য কৰি কয়, ‘’কনকলতা মহিলা সবলীকৰণ আঁচনিৰ বাবদ ২৫০ কোটি টকা, মধ্যাহ্ন ভোজনৰ বাবদ ৫০০ কোটি টকা, মূল্য স্থিৰকৰণ পুঁজিৰ বাবদ ৫০ কোটি টকা, ৩১খন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ নামত ১৫০ কোটি টকা নগৰ আন্তঃগাঁথনিৰ পুঁজিৰ বাবদ ১০০ কোটি টকা, দলং পকীকৰণৰ বাবদ ১৫০ কোটি, সকলোৰে বাবে আবাসগৃহ আঁচনিৰ নামত ১০০ কোটি আৰু দীনদয়াল উপাধ্যায় দিব্যাংগ আঁচনিৰ বাবদ ১০০ কোটি টকা ধাৰ্য্য কৰিছিল যদিও এখন আঁচনিৰো কাম সম্পূৰ্ণৰূপে ৰূপায়ণ নহ’ল।‘’

আনহাতে তেওঁ থলুৱা মাছৰ বাবে জীৱন বেংক, মুগা মিশ্যন, চাহ বাগিচাৰ গৰ্ভৱতী মহিলা কৰ্মী আৰু স্থায়ী কৰ্মীৰ বাবে মজুৰি আঁচনি আৰু শূন্য সুদত শস্য ঋণ আঁচনিৰ বাবদ বাজেটত কোনো ধনৰাশি আবণ্টন নকৰাৰ অভিযোগ তোলে।

ইয়াৰোপৰি সভাপতিগৰাকীয়ে বিজেপি চৰকাৰ কেৱল ভাষণতে চলি আছে বুলি কটাক্ষ কৰি কয় ‘’কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰদান কৰা ধনৰ পৰিমাণ পূৰ্বৰ তুলনাত নগণ্য। নিয়ম অনুসৰি প্ৰত্যেক বছৰে বাজেটত ধনৰ আবণ্টন বৃদ্ধিহে পাব লাগে।‘’

আনহাতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু লৈ থকা বুলি ইতিকিংসূচক মন্তব্য কৰি তেওঁ কয় ‘’জি এছটিৰ ফলত অসমে ৰাজহ হেৰুওৱাৰ পিছতো সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈকে দিল্লীত গৈ প্ৰতিবাদ কৰিব পৰা নাই কিয়?’’

সংবাদমেলৰ শেষৰ ফালে সভাপতিজনে অহা ১২ মাৰ্চত উত্থাপিত হ’ব লগীয়া বাজেটতো অসমবাসী ৰাইজৰ বাবে ঠগ-প্ৰৱঞ্চনাৰ বাদে একো নাথাকিব বুলি মন্তব্য কৰাৰ লগতে এইখন বাজেট ভেলকীবাজি আৰু চমকৰ বাজেট হ’ব বুলি সন্দেহ প্ৰকাশ কৰে।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd