আজি নতুন দিল্লীত জে ডি (ইউ)ৰ কাৰ্যনিৰ্বাহকত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা

508252-pti-nitish-kumar-1-570x320

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে বিষয়টোক লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ জাতীয় দল-সংগঠনসমূহে একেলগে বিধেয়কখনৰ প্ৰতিবাদ কৰি আহিছে।

কিছুদিন পূৰ্বে ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে ৰাষ্ট্ৰীয় পৰ্যায়ত বিধেয়কখনৰ বিৰুদ্ধে জনমত গঠনৰ প্ৰচেষ্টা হাতত লৈ কেইবাটাও ৰাজনৈতিক দলৰ সৈতে কথা পাতিছিল। বিশেষকৈ সংসদত বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে তেওঁলোকৰ সংসদসকলক আহ্বান জনাইছিল।

অগপৰ নেতৃত্বৰ লগতে আছুৱেও নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰচেষ্টা চলাই আহিছে। এই সম্পৰ্কত আছুৰ নেতৃত্বই জনতা দল ( ইউনাইটেড)ৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰিছিল। জে ডি (ইউ)ৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আছুৰ নেতৃত্বক বিধেয়কখনৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

আজি নতুন দিল্লীত জে ডি (ইউ)ৰ এখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকতে দলটোৱে বিধেয়কখনৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে এই বিধেয়কখনৰ বিৰুদ্ধে আন কেইবাটাও ৰাজনৈতিক দলে মতামত প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ ভৱিষ্যৎ সুৰক্ষাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে।