আজি বিশ্ব মাতৃভাষা দিৱস : অসমৰ বিভিন্ন স্থানৰ জাতীয় বিদ্যালয়ত উদযাপন

IMLD_1

অসম জাতীয় বিদ্যালয়ত মাতৃভাষা দিৱস।

আজি বিশ্ব মাতৃভাষা দিৱসৰ দিনটোত মাতৃভাষাৰ মাধ্যমেৰে উন্নত শিক্ষা দি অহা তথা মাতৃভাষা মাধ্যমৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থাৰ ভাব জগাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বিভিন্ন স্থানৰ জাতীয় বিদ্যালয়বোৰত এই দিৱসটো গুৰুত্বসহ পালন কৰা হয়। গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়, যোৰহাট জাতীয় বিদ্যালয়, হোজাই জাতীয় বিদ্যালয় আজি বিভিন্ন স্থানত এই দিৱস উদযাপনৰ খবৰ আহিছে।

অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত মাতৃভাষা দিৱসত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই।

নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত আজি কেইবাটাও কাৰ্য্যসূচীৰে গুৰুগম্ভীৰ অনুষ্ঠান পতা হয়। বিদ্যালয়খনৰ অধ্যক্ষৰ দ্বাৰা বন্তি প্ৰজ্বলেনেৰে আৰম্ভ হোৱা এই সভাখনত বক্তৃতা প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে।

যোৰহাটৰ বাতৰি : আন এটা সূত্ৰৰ মতে আজি যোৰহাট  মহাবিদ্যালয়তো আন্তৰ্জাতিক মাতৃভাষা উদযাপন কৰা হয়। ইয়াত উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মদন শৰ্মা। ড০ গীতাৰ্থ গোস্বামীয়ে সভাখনৰ আঁত ধৰে। অনুষ্ঠানটোৰ সভাপতিত্ব কৰে জাতীয় অভিধানৰ সম্পাদক দেৱব্ৰত শৰ্মা।  সূত্ৰটোৱে জনোৱা মতে, অহা মাহৰ পৰা যোৰহাট কলেজত জাৰ্মান, ফৰাচী, মিচিং, চাদ্ৰি, বাংলা, কথিত ইংৰাজীকে ধৰি দহটা ভাষাৰ পাঠদান হ’ব।

উল্লেখযোগ্য যে যোৱা ২০ বছৰ ধৰি য়ুনেস্কই ২১ ফেব্ৰুৱাৰিৰ দিনটোক বিশ্ব মাতৃভাষা দিৱস হিচাপে উদযাপন কৰি আহিছে। বিশ্বৰ বিভিন্ন ভাষালৈ অহা ভাবুকিৰ প্ৰতি সজাগতা সৃষ্টি কৰা আৰু মাতৃভাষাৰ মাধ্যমেৰে প্ৰাথমিক শিক্ষা দিয়াৰ প্ৰয়োজনক মানুহৰ মাজলৈ লৈ যোৱাক দিৱসৰ প্ৰধান লক্ষ্য হিচাপে স্থিৰ কৰিছে বিশ্ব সংস্থাটোৱে।

অৱশ্যে ভাষাৰ বৈচিত্ৰ্যত দেশৰ ভিতৰতে চহকী উত্তৰ-পূৰ্বাঞ্চলৰ খুব লোকেহে এই দিৱসটো উদযাপন কৰা দেখা যায়। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে উত্তৰ-পূবৰ অঞ্চলৰ ৰাইজ এই ক্ষেত্ৰত বিশেষ সজাগ নহয়। ইয়াৰ বেছিভাগ অভিভাৱকেই নিজৰ সন্তানক মাতৃভাষাৰ মাধ্যমত শিক্ষা নিদিয়ে বা দিয়াৰ সুযোগ নাপায়।

জানিব পৰামতে উত্তৰ-পূবৰ আঠখন ৰাজ্যতে মুঠ ২০০ টাতকৈ অধিক ভাষা আছে। কিন্তু ইয়াৰ বহুবোৰ ভাষা বিপদাপন্ন বুলি বা বিপদাপন্ন হোৱাৰ দিশত থকা বুলি ওলোৱা খবৰে সততে ভাষা কৰ্মীসকলক উদ্বিগ্ন কৰি আহিছে।

অলপতে লোকপিয়ল সঞ্চালকালয়ে দেশৰ ৪০টা ভাষাক সংকটাপন্ন বুলি ঘোষণা কৰিছিল, য’ৰ ১২টা উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা আছে। আনহাতে এই বাৰটাৰ মাজত অসমৰ দুটা (তাই নৰা আৰু তাই ৰং) ভাষা আছে।

আনহাতে কালি বেংগালুৰু বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত এখন ভাষা সম্পৰ্কীয় সভাৰ শেষত Bengaluru Declaration of language equality and linguistic rights এখন ঘোষণাপত্ৰত ইয়াত উপস্থিত প্ৰতিনিধিসকলে চহী কৰে।

এই ঘোষণা পত্ৰৰ এটা প্ৰধান দাবী যে বৰ্তমান অষ্টম অনুসূচীত স্থান দিয়াৰ বাবে যিবোৰ ভাষাৰ পৰা দাবী উঠিছে বা যিবোৰ ভাষাৰ হৈ দাবী উঠিছে সেইবোৰক এটা স্বচ্ছ নীতিৰ ভিত্তিত সোনকালেই স্থান দিব লাগে। উল্লেখযোগ্য যে এই ভাষাবোৰৰ ভিতৰত উত্তৰ-পূবৰ কাৰ্বি, খাচি, কোকবৰক, কমতাপুৰী, মিজো, লিম্বু আদিও আছে।