আজি বি এছ এফ দিৱস : জোৱানসকল আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰধান মন্ত্ৰীৰ শুভেচ্ছা

আজি সীমান্ত নিৰাপত্তা বাহিনীৰ প্ৰতিষ্ঠা দিৱস। এই দিৱস উপলক্ষে আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশে এই বাহিনীটোক লৈ গৌৰৱ কৰে। তেওঁ নিজৰ এটা টুইটত বি এছ এফৰ জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ অভিনন্দন জনায়। ভাষণত মোদীয়ে কয়, ‘তেওঁলোকে আমাক বিভিন্ন দুৰ্য্যোগৰ সময়ত সুৰক্ষা দি আহিছে। সেয়া লাগিলে সীমান্ততেই হওক বা প্ৰাকৃতিক দুৰ্য্যোগেই হওক, বা দুৰ্ঘটনা আদিয়েই হওক। আমি বি এছ এফক লৈ গৰ্বিত।’ উল্লেখযোগ্য যে ১৯৬৫ চনৰ ১ ডিচেম্বৰত এই সীমান্ত বাহিনীটো গঠন কৰা হৈছিল, ঘাইকৈ ভাৰতৰ স্থলসীমা পহৰা দিবৰ বাবে। ই এতিয়া বিশ্বৰ বৃহত্তম সীমান্ত সুৰক্ষা বাহিনীত পৰিণত হৈছে।