আজি ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আমচাং সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযান সম্পৰ্কত নিজৰ স্থিতি জনাই শপতনামা দাখিল কৰে। চৰকাৰে শেহতীয়াকৈ সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা উচ্ছেদ অভিযানটো সম্পৰ্কত কি স্থিতি ন্যায়ালয়ক অৱগত কৰিছে সেয়া এতিয়া জানিব পৰা হোৱা নাই। আনহাতে এই উচ্ছেদ অভিযান সম্পৰ্কত আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয় যে আমচাঙত উদ্যোগপতিক মাটি আবণ্টনৰ উচিত তদন্ত কৰক আৰু দিয়াজনৰ বিৰুদ্ধে ব্যৱস্থা লওক। প্ৰাক্তন মুখ্য মন্ত্ৰীজনে উদ্যোগপতিয়ে আমচাঙত কেনেকৈ মাটি পালে বুলিও প্ৰশ্ন কৰে। আনহাতে গগৈৰ এই প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো আজি আমচাঙৰ উচ্ছেদ সম্পৰ্কত নিজৰ মত ব্যক্ত কৰি কয় যে কেৱল আমচাঙেই নহয়, সকলো বেদখল উচ্ছেদ হ’ব লাগে। বেদখলক তেওঁ এ পি এছ চিতকৈও ডাঙৰ কেলেংকাৰি বুলি কয়।
আমচাঙৰ উচ্ছেদ সম্পৰ্কত ৰাজ্য চৰকাৰৰ উচ্চ ন্যায়ালয়ত শপতনামা
-
By NE NOW NEWS
- Categories: অসম
Related Content
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যুৰো:
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যুৰো:
May 19, 2024 1:03 pm
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
এন ই নাও নিউজ ব্যুৰো:
May 19, 2024 11:55 am
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে মেকুৰীয়ে; কিয় দিয়া হ’ল এই সন্মান?
By
এন ই নাও নিউজ ব্যুৰো:
May 19, 2024 10:16 am
হিচাপ এতিয়াও বাকী! আয়কৰ অভিযানত জোতা ব্যৱসায়ীৰ লুকাই ৰখা স্থানৰ পৰা উদ্ধাৰ টকাৰ পাহাৰ
By
এন ই নাও নিউজ ব্যুৰো:
May 19, 2024 8:53 am
নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’
By
এন ই নাও নিউজ ব্যুৰো:
May 19, 2024 7:51 am