আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই স্বাধীন অসমৰ দাবী তুলিলে আত্মসমৰ্পণকাৰী আলফাই

surrender ulfa

“কেন্দ্ৰীয় চৰকাৰে আমি তুলি ধৰা দাবীসমূহ পূৰণ নকৰিলে অসমক ভাৰত চৰকাৰে স্বাধীন অসম হিচাপে ঘোষণা কৰিব লাগে।” আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম আত্মসমৰ্পণকাৰী আলফাৰ সভাপতি ৰাজকুমাৰ দুৱৰাই এই মন্তব্য কৰে।

আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে এইবাৰ সৰৱ হৈ পৰিছে আত্মসমৰ্পণকাৰী আলফাসকল।

উক্ত সংবাদমেলত সন্থাৰ সভাপতি দুৱৰাই কয় যে ১৯৯২ চনৰ ১৪ এপ্ৰিলত আলোচনাৰ বাবে এচাম আলফাই আত্মসমৰ্পণ কৰিছিল। সেই সময়ৰ অসমৰ মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ উদ্যোগত আলফা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনাত ৪ টা দাবী কাৰ্য্যকৰী কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।

আত্মসমৰ্পণকাৰী আলফাৰ দাবীকেইটা আছিল অসমত অৰুণাচল, নাগালেণ্ডৰ দৰে আন্তঃৰাজ্যিক পাৰপত্ৰৰ (ইনাৰলাইন পাৰমিট) ব্যৱস্থা কৰা, অসমক জনজাতীয় স্বায়ত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰা, আত্মসমৰ্পণকাৰী আলফাসকলক আত্মসংস্থাপন প্ৰদান কৰা আৰু আত্মসমৰ্পণকাৰী আলফা সদস্যসকলৰ আদালতত চলি থকা গোচৰ নিষ্পত্তি কৰা।

সভাপতিজনে এই দাবীসমূহ কেন্দ্ৰীয় চৰকাৰে ২৬ বছৰ ধৰি পূৰণ নকৰা বুলি সদৰী কৰাৰ লগতে ইয়াৰ প্ৰতিবাদত তেওঁলোকে পুনৰ স্বাধীন অসমৰ দাবী উত্থাপন কৰিছে।

“আলোচনাপন্থী আলফাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ নামত ভেকোঁ-ভাওনা চলাই আছে। তেওঁলোকে আলোচনা কৰো বুলি কয়, কিন্তু আজিলৈকে কি কি আলোচনা কৰিছে আমি গম নাপাওঁ। তেওঁলোকে ঠিকা-ঠুকলিৰ কাম কৰি কেৱল বিলাসী জীৱন কটাইছে। অনুপ চেতিয়াই হওক, মৃণাল হাজৰিকা, অৰবিন্দ ৰাজখোৱায়ো বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই। তেওঁলোকৰ দুৰ্বলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সুযোগ গ্ৰহণ কৰিছে,” -এই বুলি আলোচনাপন্থী আলফাক কটাক্ষ কৰে সভাপতি দুৱৰাই।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি সভাপতিগৰাকীয়ে কয়, “ভাৰত চৰকাৰে অসমৰ পৰা খনিজ পদাৰ্থ, চাহপাত ইত্যাদিৰ পৰা অধিক কৰ সংগ্ৰহ কৰি শোষণ নীতি চলাই আহিছে। লগতে তেওঁলোকে অসমক জনজাতি-অজনজাতিত ভাগ ভাগ কৰি গোষ্ঠীগত সংঘৰ্ষ বৃদ্ধি কৰিছে। তদুপৰি ভাৰত চৰকাৰে বাংলাদেশৰ পৰা অহা অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচাৰিছে।”

যোৱা ৬ এপ্ৰিলত সদৌ অসম আত্মসমৰ্পণকাৰী আলফাই ৰাজ্যপালৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীলৈ উল্লেখিত দাবীসমূহ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লক্ষ্যণীয় যে এবছৰৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে পুনৰ গণতান্ত্ৰিকভাৱে সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আত্মসমৰ্পণকাৰী আলফাই।