আলোচনা প্ৰক্ৰিয়াত বিলম্বৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কেপিএলটিৰ

KPLT

কাৰ্বি আংলঙৰ সশস্ত্ৰ সংগঠন কাৰ্বি পিপল্‌’ছ লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ কেপিএটিয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি কয় যে তেওঁলোকক আলোচনালৈ আমন্ত্ৰণ কৰাৰ বাবে চৰকাৰে কোনো উদ্যোগ আজিকোপতি গ্ৰহণ কৰা নাই। ডিফুৰ ৫ মাইলত অৱস্থিত কেপিএলটিৰ ডেজিগ্‌নেটেড কেম্পত অনুষ্ঠিত কৰা এখন সংবাদমেলত এই কথা সদৰি কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক লটি চাৰি কাংটাং বেই কয় যে তেওঁলোকে উত্থাপন কৰা বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ বাবে চৰকাৰে আলোচনাৰ মেজলৈ তেওঁলোকক নিমন্ত্ৰণ কৰা উচিৎ।

সাধাৰণ সম্পাদক বে’ই আৰু কয় যে ভাৰতীয় সংবিধানৰ অধ্যায় ২৪৪(ক)ৰ অধীনত তেওঁলোকে এখন স্বতন্ত্ৰ ৰাজ্য দাবী কৰি আহিছে।চৰকাৰে তেওঁলোকক মুকলি আকাশৰ তললৈ অহাৰ বাবে প্ৰতিনিধি প্ৰেৰণ কৰিছে আৰু আলোচনা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানো কৰিছে। এই আশ্বাসৰ ওপৰত ভিত্তি কৰি কেপিএলটি মুকলি আকাশৰ তললৈ ওলাই আহিছে বুলি তেওঁ কয়।

সাধাৰণ সম্পাদক বে’ই আৰু কয় যে পূৰ্বৰ চেয়াৰমেন দনৰি ক্ৰামছা আৰু সাধাৰণ সম্পাদক ভোজাৰু হানছাং সক্ৰিয় হৈ নথকা হেতুকে সংগঠনটোৰ নেতৃত্বত এটা সালসলনি কৰা হ’ব। সংগঠনটো ভালদৰে পৰিচালিত কৰাৰ বাবে চেয়াৰমেন পদত ভাইচ চেয়াৰমেন ৰিছিন ছেনাৰ পাতৰ আৰু চেয়াৰমেন আৰু তেওঁ নিজে সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে।

কেইখনমান স্থানীয় সংবাদপত্ৰত কেপিএলটিৰ ৭ গৰাকী সদস্যই পলায়ন কৰা বুলি পৰিবেশিত হোৱা বাতৰিৰ সন্দৰ্ভত বে’ই কয় যে এয়া সত্য নহয়। এয়া কেপিএলটিক হেয় প্ৰতিপন্ন কৰাৰ বাবে ন্যস্তস্বাৰ্থ জড়িত একাংশ লোকৰ অপপ্ৰচাৰ বুলি সংগঠনটোৰ সম্পাদকগৰাকীয়ে দাবী কৰে।

বৰ্তমান সংগটনটোত ২০৯ গৰাকী সদস্য ডিফুৰ ৫ মাইলত আৰু পশ্চিম কাৰ্বি আংলঙৰ কলংগাৰ মুঠ দুটা ডেজিগ্‌নেটেড কেম্পত আছে। ডিফু কেম্পত প্ৰায় ৭০ গৰাকী সদস্য আছে বুলি সাধাৰণ সম্পাদক বে’ই সাংবাদিকক অৱগত কৰে।

কেপিএলচিৰ প্ৰতিৰক্ষা সচিব ৰিজাক ডেৰাই কয় যে যেতিয়া কেপিএটি উকলি আকাশৰ তললৈ ওলাই আহিছিল, তেতিয়া চৰকাৰে সম্পূৰ্ণ নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু সেনা আৰু আৰক্ষীৰ লোকে অন্য সংগঠনৰ লোক আৰু সমাজ বিৰোধী শক্তিসমূহক বিচাৰি তেওঁলোকৰ সদস্যক আটক কৰে আৰু এয়া সমিচীন নহয় বুলি তেওঁ কয়। মিছা অভিযোগত কেপিএলটিৰ কোনো সদস্যকেই গ্ৰেপ্তাৰ কৰিবলৈ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনায়।