• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উদ্বিগ্ন অভিভাৱক! সন্তানে ফোনটো এৰিবই নিবিচাৰে? চাওক কেনেকৈ দূৰ কৰিব সন্তানৰ মোবাইলৰ আসক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2024 11:03 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি মোবাইলৰ প্ৰতি শিশুৰ আসক্তি দিনক দিনে বাঢ়ি গৈছে। বেছিভাগ শিশুৱেই স্মাৰ্টফোন, টেবলেট আৰু লেপটপকে ধৰি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক গেজেট ব্যৱহাৰ কৰি ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ক্ষতি কৰাই নহয়, মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে। সেয়ে, অভিভাৱকসকলে চাব লাগে যে ল’ৰা-ছোৱালীয়ে যাতে মোবাইলৰ পৰা দূৰত্ব বজাই ৰাখে।

মোবাইলৰ নিচা কেনেকৈ সৃষ্টি হয়?

এয়া বহু কাৰণতে হ’ব পাৰে। শিশুৱে যদি সৰুৰে পৰা প্ৰাপ্তবয়স্ক লোকক সকলো সময়তে মোবাইল ফোন ব্যৱহাৰ কৰা দেখা পায়, তেন্তে তেওঁলোকৰ মোবাইল ফোন ব্যৱহাৰৰ প্ৰতিও আগ্ৰহ গঢ় লৈ উঠে। তদুপৰি শিশুসকলে খাবলৈ ইচ্ছা নকৰিলে মোবাইল ফোনত বিভিন্ন কাৰ্টুন, ৰিল আদি দেখুৱাই খোৱা-বোৱা কৰা হয়। বহু সময়ত শিশুটিয়ে বেয়া আচৰণ কৰিলেও মাক-দেউতাকে এটা মোবাইল ফোন  দি দিয়ে যাতে শিশুটি একে ঠাইতে বহি থাকে। আৰু ফলত এইদৰে লাহে লাহে মোবাইলৰ প্ৰতি আসক্ত হৈ পৰে।

Apply Now

মোবাইল ফোনৰ নিচাই মানসিক স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায়?

প্ৰতিদিনে বিভিন্ন ধৰণে মোবাইল ব্যৱহাৰ কৰাৰ লগে লগে তেওঁলোক ইয়াৰ প্ৰতি আসক্ত হৈ পৰে। ইয়াৰ লগতে আৰম্ভ হয় গেম খেলা। সেই গেমৰ প্ৰতিও আসক্তিৰ সৃষ্টি হয়। লগতে ছ’চিয়েল মিডিয়াত তেওঁলোকে এনেকুৱা বস্তু দেখে, যিবোৰ হয়তো তেওঁলোকে চোৱাৰ কথাই নহয়। তাৰ পৰাও তেওঁলোকে বিভিন্ন ভুল পদক্ষেপ লয়।

তদুপৰি বহু সামগ্ৰীৰ বিজ্ঞাপনৰ দ্বাৰাও প্ৰভাৱিত হয়, কিনিবলৈ জোৰ দিয়ে। এই সকলোবোৰৰ লগতে ইয়াৰ ফলত অধ্যয়নৰ প্ৰতি আগ্ৰহো কমি যায়। এইবোৰ বাঢ়ি গৈ এনে এটা পৰ্যায় পায়গৈ যে যদি তেওঁলোকক এই বিষয়ে কথা শুনাই থকা হয়, তেন্তে বহুসময়ত ভুল পথো বাছি লয়।

কেনেকৈ আঁতৰাব এই আসক্তি?

সীমা নিৰ্ধাৰণঃ

প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল শিশুৱে মোবাইল আৰু ডিজিটেল কন্টেন্ট ব্যৱহাৰ কৰাৰ সময় সীমা নিৰ্ধাৰণ কৰি দিয়া। শিশুক মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা বস্তুবোৰ চাবলৈ নিদিব। লগতে শিশুসকলৰ ফোন চোৱাৰ সময় কমাই দিব।

সৃষ্টিশীল কাৰ্য্যকলাপ আৰু ক্ৰীড়াঃ

শিশুৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰিবলৈ তেওঁলোকক উপযুক্ত খাদ্য প্ৰদান কৰক। লগতে ম’বাইলৰ নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ ল’ৰা-ছোৱালীক বাহিৰলৈ লৈ গৈ খেলা-ধূলা কৰিবলৈ দিয়ক। শিশুসকলক ছবি অংকন, গান, নৃত্য আদিও শিকাব পাৰে, ইয়াৰ দ্বাৰা তেওঁলোকৰ সৃষ্টিশীলতাও বৃদ্ধি পায়।

পৰ্যাপ্ত টোপনিঃ

বেছিভাগ শিশুৱে শুবলৈ যোৱাৰ আগতে বহু সময়লৈকে ফোন ব্যৱহাৰ কৰা দেখা যায়। তেনে কৰাটো স্বাস্থ্যৰ বাবে বিপজ্জনক। ইয়াৰ ফলত তেওঁলোকৰ টোপনিও প্ৰভাৱিত হ’ব পাৰে। গতিকে ৰাতি শুই উঠাৰ কমেও ২ ঘণ্টা আগতে শিশুটিক ফোন দিয়াটো বন্ধ কৰক।

বন্ধুত্বপূৰ্ণ কথা-বতৰাঃ

মৰম আৰু আদৰেৰে শিশুসকলক মোবাইল নিচাৰ পৰা মুক্ত কৰিব পাৰি। ইয়াৰ বাবে শিশুৰ মনৰ ভিতৰলৈ চাবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰক। এনে কৰিলে শিশুৱে নিজৰ সমস্যাবোৰ সহজেই আপোনাৰ লগত শ্বেয়াৰ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন হব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd