আৰ এছ এছৰ নেতা কৃষ্ণগোপালে দিয়া মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া তৰুণ গগৈৰ

আৰ এছ এছৰ নেতা কৃষ্ণগোপালে যোৱা ১১ ফেব্ৰুৱাৰিত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সভাত অসমৰ জাতীয় জীৱনত অতি সন্মানৰ আসনত থকা দুজন ব্যক্তি ক্ৰমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু বিশ্ববিশ্ৰুত সংগীতজ্ঞ ড০ ভূপেন হাজৰিকা সন্দৰ্ভত দিয়া উদ্ভট মন্তব্যৰ প্ৰতিক্ৰিয়া  এতিয়াও অব্যাহত আছে। ছ’চিয়েল মিডিয়াত অব্যাহত থকা প্ৰতিক্ৰিয়াৰ সমান্তৰালভাৱে আজি ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা তৰুণ গগৈয়েও টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰ এছ এছৰ নেতাজনক তীব্ৰ ভৰ্ৎসনা কৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে ইয়াক উদ্ভট মন্তব্য বুলি কৈ টুইটাৰত কয় যে এই মন্তব্যই অসমীয়া মানুহৰ আৱেগ-অনুভূতিক আঘাত কৰিছে। বিশ্ববিদ্যালয়খনলৈ এনেকুৱা নেতাক আমন্ত্ৰণ কৰি শৈক্ষিক প্ৰতিষ্ঠানবোৰক গেৰুৱাকৰণ কৰাৰ চেষ্টা গ্ৰহণযোগ্য নহয় বুলি তেওঁ কয়। তেওঁ অধ্যাপক ননীগোপাল মহন্তই অধ্যাপক হৈ থকা পৰ্য্যন্ত এইবোৰৰ পৰা আঁতৰি থকা উচিত বুলিও মন্তব্য কৰে।

” I strongly condemned the absurd remarks made on Srimanta Sankardev & Bhupen Hazarika by RSS leader Krishna Gopal in Gauhati University have immensely wounded the sentiments of the people of Assam. It is unethical to invite such leaders in educational institutions who attempts to saffronise educational institutions and particularly GU Professor Nanigopal Mahanta should refrain from taking active part in RSS at a time when he is a professor of the University as it will signal a bleak future of the students
community..”

কেৱল ৰাম মাধৱকে ভৰ্ৎসনা কৰি তেওঁ ক্ষান্ত নহৈ আৰ এছ এছ সংগঠনটোকো সমালোচনা কৰে। তেওঁ কয় যে কৃষ্ণ গোপালে কোৱাৰ দৰে স্বাধীনতা আন্দোলনত আৰ এছ এছৰ কোনো বৰঙনি নাছিল।ইয়াৰ পৰিৱৰ্তে ছাৱাৰকাৰে ব্ৰিটিছৰ ওচৰত ক্ষমাৰ আৱেদনহে পেলাইছিল বুলি কয়। গগৈয়ে কয় যে কৃষ্ণ গোপালে এনেকুৱা মন্তব্য কৰাৰ আগত শংকৰদেৱৰ দৰ্শন অধ্যয়ন কৰা উচিত। সামাজিক ন্যায়, বিশ্ব ভাতৃত্ববোধ আৰু ধৰ্মীয় বিভেদহীন এই দৰ্শন আৰ এছ এছৰ দৰ্শনৰ সম্পূৰ্ণ বিপৰীত বুলি তেওঁ টুইটাৰত কয়।

আনহাতে এটা তথ্য দি তৰুণ গগৈয়ে নিজৰ টুইটত কয় যে শংকৰদেৱে বৰদোৱাৰ প্ৰথমখন সত্ৰৰ প্ৰথমটো খুঁটা এজন মুচলমান শিষ্যক উত্তোলন কৰিবলৈ আহ্বান জনাইছিল বুলিও কয়।
শংকৰদেৱে সকলো সৰু সৰু সম্প্ৰদায়কে জাতি আৰু ধৰ্ম নিৰ্বিশেষে একতাৰ সূতাৰে বান্ধিছিল আৰু এই একতাক আৰ এছ এছে ভাঙিবৰ চেষ্টা কৰিছে বুলিও মন্তব্য কৰে।